ডিব্ৰুগড় , 12 নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)ৰ শিশু ৰোগ বিভাগত বুধবাৰে নিশা সংঘটিত হৈছিল এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভয়াৰ্ত ৰোগীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলি ছাৰখাৰ হৈ যায় এটা আই চি ইউ মনিটৰ ৷ ভয়াৱহ অঘটনৰ পৰা ৰক্ষা পৰিল চিকিৎসাধীন শতাধিক শিশু ৷
![short circuit at amch](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-807to8011-dcpallabgopaljhavisitedamchtounderstoodtheshortcircuitpficu-as10031_12112021101343_1211f_1636692223_242.jpg)
ইয়াৰ পাচতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় (AMCH)ৰ শিশু ৰোগ বিভাগৰ আই চি ইউত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বুজ ল'লে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই (Pallab Gopal Jha) ৷
উপায়ুক্তৰ উপস্থিতিত উক্ত স্থানতে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকন, অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ক্ৰমে অধ্যক্ষ আৰু অধীক্ষকৰ উপৰিও অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ পুনৰ যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷
লগতে চাওক :মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ