মৰাণ, 24 জুলাই: শুকুৰবাৰে ঘোষণা হ’ল CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (CBSE exam result 2022)৷ CBSE ৰ পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ উৎকৃষ্ট ফলাফল প্ৰদৰ্শন (Shiksha Vally School in Dibrugarh)। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (CBSC) দশম শ্ৰেণীৰ ফলাফলত সন্তোষজনক প্ৰদৰ্শন বিদ্যালয়খনৰ ।
ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭২ জন শিক্ষাৰ্থী ৷ ৭২ জন শিক্ষাৰ্থীৰ ভিতৰত ৩৮ জন শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত, ২৫ জন শিক্ষাৰ্থীয়ে ৮০ শতাংশৰ পৰা ৮৯ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে ৯ জন শিক্ষাৰ্থীয়ে ৭০ শতাংশৰ পৰা ৭৯ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ।
ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ ছাত্ৰ শ্লোক আগৰৱালাই সৰ্বোচ্চ ৯৯.২০ শতাংশ নম্বৰ লাভ কৰি প্ৰথম স্থানত, মানৱী জৈনে 98.40 শতাংশ লাভ কৰি দ্বিতীয়, আয়ুমি বাৰুৱাই (98.20%) তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে, দ্বিতীয়বাৰৰ বাবে দশম শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীণ হোৱা ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলখনে CBSE হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুয়োটা বৰ্ষতে দক্ষতা প্ৰদৰ্শন কৰি আহিছে ৷ লগতে অন্যান্য দিশতো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: CBSE 10th Results: 100 শতাংশ উত্তীৰ্ণৰে জিলিকিল তিলৈ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়