মৰাণ, 19 ডিচেম্বৰ: ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো স্তৰৰে লোকৰ দেহত, ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ অৱস্থিতি নিৰ্ধাৰণৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ কৰা হয় ছেৰ'লজিকেল চাৰ্ভে ৷

উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ আৰ্থিক সহযোগিতামৰ্মে চলি থকা সমীক্ষাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসনক ডিব্ৰুগড় জিলাৰ লাহোৱালস্থিত আই চি এম আৰ-আৰ এম আৰ চি, আৰু ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সহযোগিতা আগবঢ়াইছে ৷ সমীক্ষাটোৰ অধীনত ডিব্ৰুগড় জিলাৰ চহৰ আৰু গ্ৰামাঞ্চলৰ মুঠ ৬০ টা গোটৰ পৰা ১২০০ টা নমুনা সংগ্ৰহ কৰা হ'ব ৷

লগতে পঢ়ক: ধেমাজিত 28 তম্ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন