ETV Bharat / state

কৃষি বিপ্লৱৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি... - টিংখাং সমষ্টি বজাৰ

কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা এজন বিশেষ উদ্যমী কৃষক ৷ কৃষিকৰ্ম আৰু পশুপালনৰ দ্বাৰা স্বাৱলম্বী হৈ প্ৰায় অৰ্ধ শতাধিক নিবনুৱাক সংস্থাপন দিছে ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ ৰাঙলীত ৷ সম্প্ৰতি যুৱকজন আদৰ্শ হৈ পৰিছে ভিন্নজনৰ ৷

কৃষি বিপ্লৱৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি...
কৃষি বিপ্লৱৰে জৰিয়তে প্ৰকৃত অসমীয়াগিৰি পৰিচয় দাঙি ধৰা এজন বিশেষ কৃষক
author img

By

Published : Aug 11, 2021, 1:27 PM IST

মৰাণ, 11 আগষ্ট : কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা এজন অসমীয়া যুৱক ৷ যিজন যুৱকে কৃষি কৰ্মৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ কৃষি কৰ্মৰ জৰিয়তে সফলতা লাভ কৰা সেই বিশেষ যুৱকজন জয়দৎ কোঁৱৰ ৷ কৃষিকৰ্ম আৰু পশুপালনৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক নিবনুৱাক সংস্থাপন দিয়া এই জয়দৎ কোঁৱৰ ডিব্ৰুগড়ৰ নাহৰকটীয়া সমষ্টিৰ ৰাজগড়ৰ ৰাঙলীৰ বাসিন্দা ৷

আহকচোন জানো জয়দৎ কোঁৱৰৰ সফলতাৰ আঁৰৰ কাহিনা ৷ "দৰিদ্ৰতা কেতিয়াও জীৱনৰ বাবে অভিশাপ হ’ব নোৱাৰে"- এই বাক্যশাৰীৰ সত্য প্ৰতিপন্ন কৰি জয়দৎ কোঁৱৰে আজিৰ পৰা ত্ৰিশ বছৰৰ আগতে আঠ হাজাৰ টকা বেংকৰ পৰা ঋণ লৈছিল ৷ একেদৰে উত্তৰাধিকাৰী সূত্ৰে পোৱা কিছু মাটি বিক্ৰী কৰি প্ৰায় 32 হাজাৰ টকাৰে খেতিৰ উপযোগী আঠ বিঘা মাটি ক্ৰয় কৰি কৃষিকৰ্মত মনোনিৱেশ কৰে ।

কৃষি বিপ্লৱৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি...

সেই অনুসৰিয়ে জয়দৎ কোঁৱৰে ঋতুকালীন বিভিন্ন পাচলি যেনে কবি, ব্ৰকলি, বিলাহী খেতিৰে সেই মাটিত খেতি আৰম্ভ কৰে ৷ তাৰপাছত চাইকেলৰে নাহৰকটীয়া, নামৰূপ আৰু টিংখাঙৰ বজাৰত শাক-পাচলিসমূহ বিক্ৰী কৰিবলৈ লৈ গৈছিল ৷ উল্লেখযোগ্য যে, ত্ৰিশ বছৰৰ আগতে নাহৰকটীয়া, টিংখাং সমষ্টিৰ বৃহত্তৰ অঞ্চলত ব্যৱসায়িক ভিত্তিৰে পাচলিৰ খেতি আৰম্ভ হোৱা নাছিল ৷

লগতে পঢ়ক: খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ

সেইবাবে বহিৰাগত ব্যৱসায়ীয়ে নাহৰকটীয়া, টিংখাং সমষ্টি বজাৰ দখল কৰি আছিল ৷ তেতিয়াই জয়দৎ কোঁৱৰে ব্যৱসায়িক ভিত্তিত শাক-পাচলিৰ খেতি কৰিবলৈ ধৰি ক্ৰমবৰ্ধমান সফলতা লাভ কৰে ৷ ক্ৰমান্বয়ে বহিৰাগত ব্যৱসায়ীয়ে বজাৰ দখল কৰিব নোৱাৰা হয় নাহৰকটীয়া, টিংখাঙত ৷

সম্প্ৰতি 70 বিঘা মাটিত জয়দৎ কোঁৱৰে শৃংখলাবদ্ধভাৱে চাহ বাগিচা, নেমু, ফলমূল, পুখুৰী, বনৌষধ, গাহৰিৰ পাম, ছাগলীৰ পাম, বিভিন্ন প্ৰজাতিৰ কুকুৰা, অষ্ট্ৰেলিয়ান ইমু চৰাইৰ পাম আদি নিৰ্মাণ কৰি সমগ্ৰ অঞ্চলত এজন সফল কৃষক তথা ব্যৱসায়ীৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । একেদৰে ছয় বিঘা মাটিকালিত বৃহৎ পুখুৰী খান্দি মৎস্য উৎপাদন কৰি বছৰি জয়দৎ কোঁৱৰে প্ৰায় সাত-আঠ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰ উপৰিও তেওঁৰ ফল-মূলৰ বাগিচাত বিভিন্ন প্ৰজাতিৰ কল, কুঁহিয়াৰ, মাটি কঁঠাল, নাৰিকল, লিচু, মৌচুমী টেঙা, বনৌষধি বাগিচাত কেঞ্চাৰ ৰোগৰ প্ৰতিষেধক চাবাচেনেগাছ, মধুমেহ ৰোগৰ প্ৰতিষেধক ইনচুলিন প্লাণ্ট, নীলকণ্ঠ, লক্ষ্মী তৰু আদিকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰজাতিৰ বনৌষধ উপলব্ধ কৰি ৰাখিছে ৷ আনহাতে বিভিন্ন দেশৰ গছ-গছনিৰে পৰিপূৰ্ণ এখন উদ্যান আছে জয়দৎ কোঁৱৰৰ । মুঠৰ ওপৰত ডিব্ৰুগড় জিলাত এজন সফল অসমীয়া খেতিয়কৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে জয়দৎ কোঁৱৰ ।

লগতে পঢ়ক: উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.