ETV Bharat / state

সংকটত টিংখাঙৰ এগৰাকী ভাস্কৰ্য শিল্পী - লকডাউন

মহামাৰীৰ বাবে আৰ্থিক সংকটত পৰিছে টিংখাঙৰ চিত্ৰ তথা ভাস্কৰ্য শিল্পী নিত্যা দিহিঙীয়া । চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিয়েই চাৰিজনীয়া পৰিয়ালটো পোহপাল দি অহা শিল্পীগৰাকী এতিয়া জুৰুলা হৈ পৰিছে ।

sculpture artist
সংকটত টিংখাঙৰ এগৰাকী ভাস্কৰ্য শিল্পী
author img

By

Published : Aug 8, 2021, 12:33 PM IST

টিংখাং, ৭ আগষ্ট : কৰ'ণা (Corona) মহামাৰী আৰু লক ডাউনে (Lockdown) বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱা দেখা গৈছে । অসমৰ সমাজ জীৱনৰ লগত জড়িত বহু লোকে এতিয়া লক ডাউনৰ ফলত অৰ্থৰ অভাৱত পৰিছে । বিশেষকৈ চিত্ৰ তথা ভাস্কৰ্য আৰু আন শিল্পকলাৰ লগত জড়িত লোকসকলৰ বাবে এতিয়া জীৱন নিৰ্বাহৰ চৰম জটিলতা আহি পৰিছে ।

তেনে এক শিল্পী হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নিত্যা দিহিঙীয়া । প্ৰায় ডেৰ দশক ধৰি চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সাধনাত ব্ৰতী হৈ আহিছে এইগৰাকী শিল্পী । আনকি তেওঁৰ উপাৰ্জনৰো অন্যতম আহিলা এই শিল্পকলা ।

সংকটত টিংখাঙৰ এগৰাকী ভাস্কৰ্য শিল্পী

চিত্ৰশিল্পৰ প্ৰচাৰ আৰু বিকাশৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি বিশেষ ভূমিকা পালন কৰি অহা টিংখাঙৰ শালমাৰী-দীঘলীয়া গাঁৱৰ নিত্যা দিহিঙীয়াৰ চিত্ৰ তথা ভাস্কৰ্য শিল্পই ইতিমধ্যে ৰাজ্যজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনকি শিল্পী গৰাকীয়ে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিয়েই নিজৰ চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছে ।

কিন্তু বিগত দুটা বছৰে মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউন আৰু মিনি লক ডাউনৰ বাবে ভীষণ আর্থিক মন্দাৱস্থাৰ সৃষ্টি হৈছে । সাধাৰণভাৱে জীয়াই থাকিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছে । যাৰ বাবে শিল্প সাধনা বজাই ৰাখি জীৱন জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত চৰম সমস্যাত পৰিছে এই চিত্ৰশিল্পীগৰাকী ।

ৰামধেনুৰ ৰঙেৰে সমাজখন ৰঙীন কৰিব বিচৰা এইসকল শিল্পীৰ প্ৰতি আজি যেন গুৰুত্ব নাই চৰকাৰৰ । বহু সময়ত শিল্পীৰ সাহাৰ্যৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিবোৰো এইসকল শিল্পীয়ে লাভ নকৰে । সেয়ে অঞ্চলটোৰ ৰাইজে এতিয়া নিত্যা দিহিঙীয়াৰ লগতে এনে শিল্পীসকলৰ সহায় হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে চৰকাৰক ।

লগতে পঢ়ক : প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.