ডিব্ৰুগড়,১১ ডিচেম্বৰ : শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত ধৰা পৰিছিল ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণ (Omicron detected in Africa) । তাৰ পাছতে দক্ষিণ আফ্ৰিকাৰ লগতে বিশ্বৰ কেইবাখনো দেশত এই নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল । ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।
ক'ভিডৰ সংক্ৰমণ কিছু হ্ৰাস হোৱাৰ সময়তে ভাৰততো এই নতুন প্ৰকাৰৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে চিন্তিত হৈছে ভাৰতৰ বিজ্ঞানীসকল । ইতিমধ্যে এই নতুন প্ৰকাৰটো সন্দৰ্ভত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাও চলি আছে । কিন্তু ইয়াৰ মাজতে এক ভাল খবৰ ।
এতিয়াৰে পৰা অতি কম সময়ৰ ভিতৰতে এটা নমুনাত অ'মিক্ৰণৰ অৱস্থিতি জানিব পৰা যাব । অসমৰ এগৰাকী বিজ্ঞানীয়ে নিৰ্মাণ কৰিছে এক বিশেষ অ'মিক্ৰণ চিনাক্তকৰণ কিট (Special kit for Omicron detection)।
ডিব্ৰুগড় লাহোৱালৰ ICMRৰ বিজ্ঞানীগৰাকীয়ে নিৰ্মাণ কৰা বিশেষ কীটৰ জৰিয়তে অতি কম সময়ত অৰ্থাৎ ২ ঘণ্টাৰ ভিতৰতে জানিব পৰা যাব অ'মিক্ৰণৰ অৱস্থিতি । ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বজিৎ বৰকটকীয়ে নিৰ্মাণ কৰিছে এই বিশেষ কিট (Scientist from Dibrugarh develops omicron detection kit) । সম্প্ৰতি ক'ভিডৰ এই প্ৰকাৰটো ধৰা পেলোৱাৰ বাবে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হয় । কিন্তু অ'মিক্ৰণ চিনাক্তকৰণৰ ক্ষেত্ৰত এই বিশেষ কিটে এশ শতাংশ সহায়ক হ'ব বুলি দাবী কৰিছে অসমৰ বিজ্ঞানীগৰাকীয়ে ।
ডিব্ৰুগড়ৰ লাহোৱাল ICMR য়ে বায়'টেক কোম্পানীৰ সৈতে এই বিশেষ কিটৰ ওপৰত ইতিমধ্যে আলোচনা কৰিছে । অতি শীঘ্ৰে এই কিট বজাৰত মুকলি কৰি দিয়া হ'ব বুলিও উল্লেখ কৰে বিজ্ঞানীগৰাকীয়ে । সমগ্ৰ বিশ্বৰে বিজ্ঞানীসকলে অ'মিক্ৰণ সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা চলাই থকাৰ মাজতে এগৰাকী অসমৰ বিজ্ঞানীৰ এই উদ্ভাৱনে নিশ্চিতভাৱে অসমৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে ।
লগতে পঢ়ক :গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ স্বীকৃতি