ETV Bharat / state

ৰাজ্যিক মৰ্যদাৰে সম্পন্ন সত্ৰাধিকাৰ যোগদানন্দ চন্দ্ৰ গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া - Satradhikar Jugadananda Chandra Goswami

মাধৱদেৱ বঁটা-2016 প্ৰাপক দিনজয় মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ চন্দ্ৰ গোস্বামীয়ে ১৬ জানুৱাৰীত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে ৷ সত্ৰাধিকাৰ, শিক্ষক, সমাজসেৱকগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সোমবাৰে সম্পন্ন কৰা হয় (Jugadananda Chandra Goswamis funeral with state honour) ৷

Jugadananda Chandra Goswamis funeral with state honour
ৰাজ্যিক মৰ্যদাৰে সম্পন্ন সত্ৰাধিকাৰ যোগদানন্দ চন্দ্ৰ গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া
author img

By

Published : Jan 17, 2022, 8:40 PM IST

মৰাণ, 17 জানুৱাৰী : মাধৱদেৱ বঁটা (Madhabdev award 2016) প্ৰাপক তথা দিনজয় মায়ামৰা সত্ৰৰ নৱমজনা সত্ৰাধিকাৰ, শিক্ষক, সমাজসেৱক যোগদানন্দ চন্দ্ৰ গোস্বামীয়ে যোৱা ১৬ জানুৱাৰীত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত ৯৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে (Jugadananda Chandra Goswami Passes away)।

১৯২৬ চনত জন্মগ্ৰহণ কৰা সত্ৰাধিকাৰগৰাকীৰ পিতৃৰ নাম আছিল মহদাচন্দ্ৰ গোস্বামী আৰু মাতৃৰ নাম আছিল তৰাৱতী গোস্বামী । ১৯৫৯ চনত শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ ১৯৬০ চনত ঐতিহ্যমণ্ডিত দিনজয় হাজৰিমল উচ্চ মাধ্যমিক বিদ্যালয়ত সহঃ শিক্ষক হিচাপে যোগদান কৰিছিল ।

ৰাজ্যিক মৰ্যদাৰে সম্পন্ন সত্ৰাধিকাৰ যোগদানন্দ চন্দ্ৰ গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া

উক্ত বিদ্যালয়ত ২৭ বছৰ শিক্ষকতা কৰি ১৯৮৭ চনত সহকাৰী প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত ১৯৯২ চনত ঐতিহ্যমণ্ডিত দিনজয় মায়ামৰা সত্ৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ মৃত্যুৰ সময়লৈকে সত্ৰাধিকাৰৰ দায়িত্বত আছিল ।

প্ৰয়াত গোস্বামী কেৱল সত্ৰ পৰিচালনাতে সীমাবদ্ধ নাথাকি জীৱনকালত সমাজৰ হিতৰ বাবে নিজকে উৎসৰ্গা কৰিছিল । দুবাৰকৈ অসম সত্ৰ মহাসভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল সত্ৰাধিকাৰগৰাকী । ২০০৩ চনত সদৌ অসম শ্ৰীশ্ৰী গোপালদেৱ আতা সমাজৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল । আনকি বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় উত্তৰ পূৰ্বাঞ্চলৰ মাৰ্গ দৰ্শক মণ্ডলৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হৈছিল হৈছিল প্ৰয়াত গোস্বামী ।

২০১১ চনত গোস্বামীয়ে মায়ামৰা সত্ৰৰ বৈষ্ণৱ ধৰ্মৰ এটা বৃহৎ সাংস্কৃতিক দল লৈ ওড়িশা, পুৰী, মথুৰা, বৃন্দাবন আদি ভাৰতৰ পবিত্ৰ তীৰ্থস্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে উক্ত স্থানসমূহত ভাগৱত পাঠ আৰু গায়ন-বায়ন প্ৰদৰ্শন কৰিছিল । এইগৰাকী মহান সাংস্কৃতিক সাধক, সমাজ সংস্কাৰক যোগদানন্দ চন্দ্ৰ গোস্বামীক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০১৬ চনত শ্ৰীশ্ৰী মাধৱদেৱ বঁটাৰে সন্মানিত কৰিছিল । মৃত্যুৰ সময়ত গোস্বামীয়ে তিনি পুত্ৰ, এক বিবাহিতা কন্যা সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ গৈছে ।

সোমবাৰে সত্ৰৰ প্ৰাংগণতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হয় যোগদানন্দ চন্দ্ৰ গোস্বামীৰ (Jugadananda Chandra Goswamis funeral with state honour) । উক্ত অনুষ্ঠানত অসম চৰকাৰৰ হৈ চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াকে প্ৰমুখ্য কৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে সত্ৰাধিকাৰগৰাকীৰ মৃতদেহ লৈ এক শোভাযাত্ৰা উলিওৱা হয় ।

লগতে পঢ়ক: ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.