ডিব্ৰুগড়, 6 জুন : 70-80 দশকৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ,সাংবাদিক অভিনেতা তথা বৰেণ্য শিল্পী ডিব্ৰুগড়ৰ ডব্লিউ দা অৰ্থাৎ হৰিবিনোদ বাৰ্মাৰ বৰ্তমান অবহেলিত আৰু ৰোগাক্ৰান্ত ৷ তেখেতৰ অৱস্থাৰ বাতৰি প্ৰচাৰ হৈছিল ইটিভি ভাৰতৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও সংবাদ মাধ্যমত ৷

বাতৰি প্ৰচাৰৰ পাচতেই দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট ফটোগ্ৰাফাৰ হৰি বিনোদ বাৰ্মাৰ সু-চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা এক লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিচতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশ মৰ্মে অতিৰিক্ত উপায়ুক্ত শ্ৰী সুশান্ত কুমাৰ দত্তই শনিবাৰে সন্ধিয়া বিশিষ্ট ফটোগ্ৰাফাৰগৰাকীৰ ঘৰত উপস্থিত হৈ তেখেতক এই সাহাৰ্যৰ ধনৰাশি চেকযোগে প্ৰদান কৰে ৷ এই আৰ্থিক সাহাৰ্য লাভ কৰাত নথৈ আনন্দিত হয় তেওঁৰ পৰিবাৰ। মুখ্যমন্ত্ৰী আৰু সংবাদ মাধ্যমৰ ওচৰতো কৃতজ্ঞতা প্ৰকাশ কৰিছে পৰিয়ালটোৱে।
লগতে পঢ়ক : এসময়ৰ জনপ্ৰিয় "W দা" আজি ৰোগশয্যাত...