মৰাণ, ১৯ জানুৱাৰী: "সম্পূৰ্ণ যুক্তিপূৰ্ণ ভাৱে হৈছিল অসম আন্দোলন । অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজে যি কথা কৈছিল সকলো কথা এতিয়া প্ৰতিফলিত হ'বলৈ ধৰিছে । ক্ৰমাৎ অসমৰ জনবিন্যাসৰ পৰিবৰ্তন হৈছে ।" এই মন্তব্য় আছুৰ মুখ্য উপদেষ্টা ড৹সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ (Samujjal Kumar Bhattacharya react on Assam Accord)। দুলীয়াজানত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্য়োগত অনুষ্ঠিত শ্বহীদ দিৱসত তেওঁ এইদৰে মন্তব্য় কৰে । ১৯৮০ চনৰ ১৮ জানুৱাৰীত অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ অংশ ৰূপে দুলীয়াজানত ৰূপায়ণ কৰা অইলৰ কাৰ্যালয় অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্বহীদ হৈছিল ক্ৰমে নগেন ডেকা, অজিত নেওগ, কুমুদ গগৈ আৰু নিপেন বড়া । এই শ্বহীদ কেইগৰাকীক স্মৰণ কৰি তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে (Swahid Divas at Duliajan)।
উক্ত শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসমত এতিয়া মৌলবাদী আৰু পি আইএফে ভাৰত-বাংলাদেশৰ উন্মুক্ত সীমান্তৰে প্ৰৱেশ কৰে (Open Indo Bangladesh border)। এই কথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিজেই কৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়," অসম চুক্তি ৰূপায়ণ হোৱাৰ ৩৭ বছৰ অতিক্ৰম কৰাৰ পাছতো অসম-বাংলাদেশ সীমান্ত চীল কৰিব নোৱাৰাটো কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ অপৰাধ । অসমত এতিয়া বাংলাদেশী কিংমেকাৰ হৈছে, যিটো নহ'বলৈ অসম আন্দোলন হৈছিল । কিন্তু চৰকাৰে অসম আন্দোলনৰ ফলত হোৱা অসম চুক্তি আজিও কাৰ্যকৰী নকৰিলে ।"
অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে আছুৰ উপদেষ্টা গৰাকীয়ে কয়," অসমীয়াই নিজৰ অধিকাৰ লাভ নকৰা পৰ্যন্ত সংগ্ৰাম চলি থাকিব । উল্লেখযোগ্য যে ১৯৮০ চনৰ ১৮ জানুৱাৰীত অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ অংশ বিশেষ দুলীয়াজানৰ তেল অৱৰোধ কাৰ্যসূচীত অংশ লৈ তদানীন্তন চৰকাৰৰ আসুৰিক অত্যাচাৰত চাৰিগৰাকী যুৱক শ্বহীদ হৈছিল । এই শ্বহীদক স্মৰণৰ বাবে বুধবাৰে দুলীয়াজানত আছুৰ উদ্যোগত শ্বহীদ দিৱস অনুষ্ঠিত হয় । এই চাৰি শ্বহীদক শ্ৰদ্ধা জনাই এইদৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে । এই শ্বহীদ দিৱসত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় (Oils office blocked at Duliajan 1980) ।
লগতে পঢ়ক:Swahid Divas at Duliajan: ১৯৮০ চনৰ শ্বহীদক সুঁৱৰি দুলীয়াজানত আছুৰ শ্বহীদ দিৱস পালন