ETV Bharat / state

মিঞা মিউজিম ৰাজনৈতিক উদেশ্য প্ৰণোদিত, এনে বিষয়ত সাহিত্য সভা জপিয়াই নপৰেঃ কুলধৰ শইকীয়া

author img

By

Published : Nov 3, 2020, 10:01 PM IST

অসমৰ জাতীয় কণ্ঠস্বৰ হ’ল অসম সাহিত্য সভা। জাতি গঠন প্ৰক্ৰিয়াত সদায় জড়িত হৈ আহিছে সাহিত্য সভা। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহ একত্ৰিত হৈ অসমক আগুৱাই নিয়াটোহে মূল লক্ষ্য বুলি সদৰি কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷

sahitya sabha reaction  miya museum
মিঞা মিউজিম ৰাজনৈতিক উদেশ্য প্ৰণোদীত, এনে বিষয়ত সাহিত্য সভা জপিয়াই নপৰে: কুলধৰ শইকীয়া

ডিব্ৰুগড়,3 নৱেম্বৰঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰসংগটো এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বিষয়। ৰাজনৈতিক লাভা-লাভৰ বাবে কৰা এনে বিষয় সমূহৰ ক্ষেত্ৰত সাহিত্য সভা জপিয়াই নপৰে বুলি মঙলবাৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷

একেদৰে সভাপতি কুলধৰ শইকীয়াই কয় যে, অসমৰ জাতীয় কণ্ঠস্বৰ হ’ল অসম সাহিত্য সভা। জাতি গঠন প্ৰক্ৰিয়াত সদায় জড়িত হৈ আহিছে সাহিত্য সভা। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহ একত্ৰিত হৈ অসমক আগুৱাই নিয়াটোহে মূল লক্ষ্য বুলি সদৰি কৰে।

আনহাতে শেহতীয়াকৈ জাতীয় অনুষ্ঠানটোত নতুন প্ৰজন্মৰ যুৱক যুৱতী সকল জড়িত হৈ পৰাটো এক শুভলক্ষণ বুলি কয় সভাপতি শইকীয়াই। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ত মঙলবাৰে পুৱাই এক গ্ৰন্থ বিপনী কেন্দ্ৰ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰি সাহিত্য সভাৰ সভাপতি গৰাকীয়ে এই মন্তব্য কৰে।

সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ত গ্ৰন্থ বিপনী কেন্দ্ৰটো মুকলি কৰা অনুষ্ঠানটোত পাঁচখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় । কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাহিত্যিক পেঞ্চনাৰ গৌৰি শইকীয়া, বিদ‌্যাভূষণ দেউৰী, শিল্পী পেঞ্চনাৰ নোমল চন্দ্ৰ গগৈক অসম সাহিত্য সভাৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা।

লগতে পঢ়কঃ কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপিয়ে চাৰে চাৰিবছৰতে কৰিলেঃ সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.