ETV Bharat / state

Rongali Tingkhang 2023 : TINGKHANG 2023ত ৰাজ্যৰ ক্ৰীড়া তাৰকা

author img

By

Published : May 5, 2023, 7:03 PM IST

টিংখাঙৰ লেঙেৰীত অনুষ্ঠিত কৰা 'কথা ক্ৰীড়াঙ্গন' শীৰ্ষক অনুষ্ঠানত অংশ ল'লে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাস, স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়া, বক্সাৰ ফাইলু বসুমতাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷ বিভিন্ন আটকধুনীয়া অনুষ্ঠানৰ আয়োজন (Rongali Tingkhang 2023 in Dibrugarh) ৷

Rongali Tingkhang 2023
ৰঙালী TINGKHANG 2023ত বাৰেৰহণীয়া অনুষ্ঠান
TINGKHANG 2023ত ৰাজ্যৰ ক্ৰীড়া তাৰকা

ডিব্ৰুগড়, 5 মে’ : ডিব্ৰুগড়ৰ টিংখাঙৰ লেঙেৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এক মননশীল অনুষ্ঠান । টিংখাং সাংস্কৃতিক মঞ্চ আৰু লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰৰ বৰ্ণাঢ্য আয়োজন ৷ ৰঙালী-TINGKHANG 2023" ৰ অনুষ্ঠানটোত 'কথা ক্ৰীড়াঙ্গন' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় 4 মে’ৰ দিনা । অনুষ্ঠানটোত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দৌৰবিদ হিমা দাস, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ফাইলু বসুমতাৰী, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী লন বল খেলুৱৈ নয়নমণি শইকীয়া আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিচ আলী হাজৰিকা (Hima Das in Dibrugarh) ৷

অনুষ্ঠানটোত আলোচক হিচাবে বিশিষ্ট ক্ৰীড়াবিদসকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায় । জ্যেষ্ঠ সাংবাদিক তথা প্ৰসিদ্ধ পৰ্বতাৰোহনকাৰী প্ৰণয় বৰদলৈয়ে সঞ্চালনা কৰা আলোচনা চক্ৰখনিত আলোচক হিচাবে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, সমল ব্যক্তি হিচাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞা, অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ মিনাক্ষী শইকীয়া, পুষ্টি বিশেষজ্ঞ ড৹ জ্যোতিস্মিতা পাঠকেও অংশগ্ৰহণ কৰে (Rongali Tingkhang 2023 in Dibrugarh) ।

ইয়াৰোপৰি, উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা যায় লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত । উল্লেখযোগ্য যে, 4 মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী-TINGKHANG 2023" কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য, বস্ত্ৰ আৰু হস্ত-শিল্পৰ প্ৰদৰ্শনী, উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত বিভিন্ন খেল-ধেমালি প্ৰদৰ্শনী আৰম্ভ হৈছে কালিৰে পৰা । আনহাতে, পুৱা অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান প্ৰতিযোগিতাৰ বিজয়ীসকলক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী সঞ্জয় কিষানে বঁটা প্ৰদান কৰে । বিভিন্ন অনুষ্ঠানৰ লগতে ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা সামৰিক কৌশল প্ৰদৰ্শনৰ এক অনুষ্ঠানো অনুষ্ঠিত হয় প্ৰথম দিনাৰ কাৰ্যসূচীত (Minister Bimal Borah at Rongali Tingkhang 2023) ৷

উল্লেখযোগ্য যে, সংবাদ মাধ্যমৰ লোকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দৌৰবিদ হিমা দাস আৰু কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ নয়নমণি শইকীয়াক মল্লযুঁজাৰুসকলে দিল্লীত অব্যাহত ৰখা আন্দোলন সন্দৰ্ভত প্ৰশ্ন সোধাত দুয়োগৰাকী খেলুৱৈয়ে মন্তব্য আগবঢ়াবলৈ অস্বীকাৰ কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ একাংশ মল্লযুঁজাৰুৱে (Wrestlers protest against WFI President) ।

লগতে পঢ়ক : Wrestlers protest : দিল্লীৰ প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষত নীৰজ চোপ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.