ETV Bharat / state

Sudarshan Theater: তিনিখনকৈ জনপ্ৰিয় নাটকেৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে সুদৰ্শন থিয়েটাৰ - নাট্যকাৰ চম্পক শৰ্মা

নাহৰকটীয়াত সুদৰ্শন থিয়েটাৰৰ আখৰাগৃহত পূৰ্ণগতিত চলিছে নাটকৰ আখৰা ৷ বন ধ্বংসযজ্ঞৰ ওপৰত ৰচিত হৈছে সুদৰ্শন থিয়েটাৰৰ এইবাৰৰ নাটক ৷

Rehearsal of three popular plays at Sudarshan Theater in Naharkatiya
সুদৰ্শন থিয়েটাৰৰ আখৰাগৃহত পূৰ্ণগতিত চলিছে নাটকৰ আখৰা
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:13 PM IST

সুদৰ্শন থিয়েটাৰৰ আখৰাগৃহত পূৰ্ণগতিত চলিছে নাটকৰ আখৰা

ডিব্ৰুগড়, 23 আগষ্ট: বাৰিষা শেষ হোৱাৰ পাচতে ৰাজ্যত আৰম্ভ হ’ব ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শন । ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে নাট্যপ্ৰেমীসকল । আগন্তুক ২০২৩-২৪ নাট্যবৰ্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ। আখৰাগৃহসমূহত এতিয়া ব্যাপক ব্যস্ততা । পূৰ্ণগতিত চলিছে নাটকৰ আখৰা ।

চলিত বৰ্ষত ভ্ৰাম্যমাণৰ মঞ্চ কঁপাবলৈ সাজু হৈছে পেছাদাৰী নাট্য দল সুদৰ্শন থিয়েটাৰ । নাহৰকটীয়া চাচনীৰ সুদৰ্শন থিয়েটাৰৰ আখৰাস্থলীত এতিয়া ব্যস্ত শিল্পীসকল । চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে সুদৰ্শন থিয়েটাৰে । সেয়ে এইবাৰ অলপ ব্যতিক্ৰমী ৰূপত দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে ভ্ৰাম্যমাণ নাট্য দলটো ।

নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰাৰ পৰিচালনাত সুদৰ্শন থিয়েটাৰৰ কলা-কুশলীসকলে আৰম্ভ কৰিছে নাটকৰ আখৰা । নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰাৰ "মৰুভূমিত মৰমে কান্দিছে", নাট্যকাৰ চম্পক শৰ্মাৰ "কাৰাগাৰত দৈৱকী" আৰু নাট্যকাৰ আজাদ হুছেইনৰ "অৰণ্যত তেজৰ কৰাল" নামৰ তিনিখনকৈ জনপ্ৰিয় নাটকেৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে সুদৰ্শন থিয়েটাৰ ।

ৰাজ্যত সংঘটিত বন ধ্বংসযজ্ঞ, বনজ সম্পদৰ লুণ্ঠন আৰু বন সুৰক্ষাৰ ওপৰত আধাৰিত নাট্যকাৰ আজাদ হুছেইনৰ ৰচিত নাট অৰণ্যত তেজৰ কৰাল আৰু সম্পূৰ্ণ সামাজিক দায়বদ্ধতাৰ ওপৰত নাট্যকাৰ চম্পক শৰ্মাই ৰচনা কৰি উলিওৱা কাৰগাৰত দৈৱকী শীৰ্ষক নাট দুখনে এইবাৰ ভ্ৰাম্যমাণৰ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী নাট্যকাৰ তথা থিয়েটাৰ কলা-কুশলীসকল ।

উল্লেখ্য যে নামনি অসমৰ বান পৰিস্থিতিৰ বাবে এইবাৰ ব্যাপক প্ৰভাৱ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰসমূহত । বিগত বৰ্ষৰ তুলনাত এইবাৰ থিয়েটাৰৰ বুকিং যথেষ্ট কম ৷ তথাপিও অহা ২৮ আগষ্টৰ পৰা নিজৰ জন্মস্থান উজনি অসমৰ চাচনীৰ পৰাই সুদৰ্শন থিয়েটাৰৰ যাত্ৰা আৰম্ভ হ’ব বুলি জানিবলৈ দিছে প্ৰযোজক ক্ষীৰোদ খনিকৰে । এফালে নামনি অসমৰ বান পৰিস্থিতি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামবৃদ্ধিয়ে জুৰুলা কৰা অসমত ভ্ৰাম্যমান নাট্যদল সুদৰ্শন থিয়েটাৰৰ এইবাৰৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ যাত্ৰাই কিদৰে দৰ্শকক আকৰ্ষিত কৰে সেয়া সময়ত হে ক’ব পৰা যাব ।

লগতে পঢ়ক: Hengul Theatre: আৰম্ভ হেঙুলৰ ৩৬ সংখ্যক বৰ্ষৰ নাট্যযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.