ডিব্ৰুগড়,10 ছেপ্তেম্বৰ: ডিব্ৰুগড়ৰ নাহৰকটীয়াত বৃহস্পতিবাৰে এক সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকনে ৷ ফুকনে উক্ত অনুষ্ঠানত পৰৱৰ্তী নিৰ্বাচন সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেত্ৰীগৰাকীয়ে পৰৱৰ্তী নিৰ্বাচন সম্পৰ্কে কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু বুলি ব্যক্ত কৰে ৷ ফুকনৰ মতে,দলীয় কৰ্মীৰ ক্ষেত্ৰত যুৱক-যুৱতী বুলি কোনো কথা নাই ৷ নিষ্ঠাসহকাৰে কাম কৰিলে যি কোনো দলে ৰাজনৈতিক ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে ৷
তদুপৰি,ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰা নৱগঠিত দলসমূহক স্বাগতম জনাইছে নেত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি ফুকনে কয় যে,কংগ্ৰেছে পূৰ্বৰে পৰা সকলো সৰু-বৰ ৰাজনৈতিক দলক মিত্ৰতা কৰিবলৈ আহ্বান জনাইছে ৷ গতিকে এ আই ইউ ডিএফে মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিলে তাত আচৰিত হ’বলগীয়া কোনো কথা নাই ৷
আনহাতে,জনসাধাৰণৰ কল্যাণ সম্পৰ্কত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পোনপটীয়াকৈ উত্তৰ দিব নিবিচাৰি কয় যে,ৰাইজে নিজেই কটব কোন দলে ৰাইজৰ কল্যাণৰ হকে কাম কৰিছে ৷ নিজে নিজৰ প্ৰশংসা কৰা অনুচিত ৷ মুঠতে পৰৱৰ্তী নিৰ্বাচনলৈ পুৰাদ্যোমে টঙালি বান্ধিছে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে ৷
লগতে চাওকঃ সভাপতি আসনক লৈ ন্যায়ালয়ৰ দাৰস্থ হ'ব অতুল বৰা