ETV Bharat / state

কি কি নিয়ম বাহাল থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ! - অনলাইন

শনিবাৰে ঘোষণা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এই সম্পৰ্কে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এইবেলি ঘোষিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনলাইনত উপলব্ধ হোৱাৰ কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ৷

Reaction of himanta biswa sarma about HSLC result 2020 dibrugarh assam etv bharat news
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সম্পৰ্কত প্ৰতিক্ৰিয়া
author img

By

Published : Jun 5, 2020, 7:51 PM IST

ডিব্ৰুগড়,5 জুন: শনিবাৰে ঘোষণা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবাৰ কোনো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে ফলাফল ল’বলৈ যাব নোৱাৰিব বিদ্যালয়লৈ । ঘৰত বহিয়েই ম’বাইলত লাভ কৰিব ফলাফল । ইয়াৰোপৰি স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ লগত শোভাযাত্ৰা কৰাত আৰোপ কৰা হৈছে নিষেধাজ্ঞা । তদুপৰি ফলাফল লাভ কৰা তথা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ ভিৰ কৰিব নোৱাৰিব অন্য লোকে । শুকুৰবাৰে ডিব্ৰুগড়ত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সম্পৰ্কত প্ৰতিক্ৰিয়া

আনহাতে,ছাত্ৰ-ছাত্ৰীসকলে ইণ্টাৰনেটৰ যোগেদি যি মাৰ্কশ্বিট লাভ কৰিব সেইখন নামভৰ্তিৰ বাবে গ্ৰাহ্য কৰা হ’ব ৷ তদুপৰি পূৰ্বৰ দৰে এইবাৰো পৰীক্ষাৰ ফলাফল বিসংগতিমুক্তভাৱে ঘোষণা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ।

লগতে চাওকঃ বাহন দূৰ্ঘটনাগ্ৰস্থ হৈ গুৰুতৰভাৱে আহত 5জন এছএছবি জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.