ETV Bharat / state

আছুৰ ৰাজনৈতিক দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

অৱশেষত আছুৰ ৰাজনৈতিক দল গঠন সন্দৰ্ভত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত এই প্ৰশ্নৰ পৰোক্ষভাৱে উত্তৰ প্ৰকাশ কৰি পৰৱৰ্তী নিৰ্বাচনত ৰাইজে বিজেপি দলকে নিৰ্বাচিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

Reaction of CM Sarbananda Sonowal about formation of new political party of aasu dibrugarh assam etv bharat news
আছুৰ দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 20, 2020, 6:55 PM IST

ডিব্ৰুগড়,20 আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দল সম্পৰ্কত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত সাংবাদিকে আছুৰ ৰাজনৈতিক দল, সদ্যঘোষিত পৰামৰ্শ দাতা কমিটি সম্পৰ্কে প্ৰতিক্ৰিয়া কি বোলা প্ৰশ্নৰ উত্তৰত পৰোক্ষভাৱে উত্তৰ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালে জাতি-মাটি-ভেটিৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত বিজেপিয়ে কৰা কামৰ খতিয়ান দাঙি ধৰি এইয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ বুলি প্ৰকাশ কৰে । আছুক পোনপটীয়াকৈ আক্ৰমণ নকৰি পৰৱৰ্তী সময়ত অসমৰ ৰাইজে পুনৰ বিজেপিৰ কাষতেই ঠিয় দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অৰ্থাৎ পৰৱৰ্তী নিৰ্বাচনত বিজেপিয়েই চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আছুৰ দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণৰ বিজেপি চৰকাৰৰ প্ৰতি অগাধ বিশ্বাস আৰু আস্থা থকাৰ কথা ব্যক্ত কৰে ৷ পৰৱৰ্তী নিৰ্বাচনত ৰাইজে ভোটদান কৰি পুনৰবাৰ বিজেপি চৰকাৰক ৰাজ্যৰ শাসনভাৰ চলোৱাৰ বাবে নিৰ্বাচিত কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মান-সন্মান আৰু স্বাভিমান ৰক্ষাৰ বাবে অসমৰ ৰাইজে সকলো সময়তে ভাৰতীয় জনতা পাৰ্টিৰ কাষতেই থিয় দিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে চাওকঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.