মৰাণ,11 ফেব্ৰুৱাৰী: অৱশেষত নিলম্বিত হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলী ৷ বিত্তীয় অনিয়ম আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হয় ড৹ ৰঞ্জিত কুমাৰ তামুলীক । ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি চাৰিজনীয়া এটি দলে তেখেতৰ বিৰুদ্ধে চলাইছিল তদন্ত । গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে ৰাজ্যপাল জগদীশ মুখীয়ে নিলম্বন কৰিলে উপাচাৰ্যগৰাকীক ।
তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে তামুলীক । এতিয়াৰে পৰা তেখেতৰ স্থানত ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে অধ্যাপক আৰএনএছ যাদৱক । উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ শিক্ষক সংস্থা, বিষয়া সংস্থা, কৰ্মচাৰী সংস্থাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও উপাচাৰ্য গৰাকীক নিলম্বন কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছিল ।
লগতে পঢ়ক: ডেকা সত্ৰীয়া পদৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন