ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ: দুৰ্নীতিমুক্ত অসমৰ কথা কৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই দুৰ্নীতিৰ লগত জড়িত ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমোলোচনা কৰি এইদৰে মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Congress leader Rana Goswami)৷
উল্লেখ্য যে, দুটা দিন পূৰ্বে খানাপাৰাত অনুষ্ঠিত হৈছিল বৃহৎ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান (Assam govt recruitment)৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কৈছিল যে কংগ্ৰেছ দল থাকোতে জালুকবাৰীৰ ৩০ জন লোকক অবৈধভাৱে নিযুক্তি প্ৰদান কৰা হৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাচতে সৰৱ হৈছে বিৰোধী ।
হিমন্ত বিশ্ব শৰ্মাই নিজেই দুৰ্নীতিৰ লগত জড়িত ব্যক্তি বুলি মৰাণৰ চেপনত মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC working president) ।
তেওঁ কয় "কংগ্ৰেছ দলত থকা সময়ত যিসকলে চিণ্ডিকেট চলাইছিল সেইসকলে এতিয়া চৰকাৰ চলাইছে । এতিয়া কয়লাৰ পৰা চুপাৰিলৈকে সকলোতে চিণ্ডিকেট চলিছে । তেনেস্থলত দুৰ্নীতিমুক্ত অসম বিজেপিৰ এটা কেৱল মাত্ৰ শ্লোগান হৈ পৰিছে"৷
লগতে পঢ়ক: দিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰে: লুৰীণজ্যোতি গগৈ