ETV Bharat / state

চৌকিডিঙি বজাৰত সংঘটিত পথ দুৰ্ঘটনা নিহত-আহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ ৰাইজৰ - Dibrugarh Police

ডিব্ৰুগড় সদৰ থানাৰ সন্মুখত প্ৰতিবাদ ৰাইজৰ ৷ দেওবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙি বজাৰত সংঘটিত পথ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত প্ৰতিবাদ ৷

Public Protest at Dibrugarh demand for Justice
চৌকিডিঙি বজাৰত সংঘটিত পথ দুৰ্ঘটনা নিহত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ ৰাইজৰ
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 3:12 PM IST

চৌকিডিঙি বজাৰত সংঘটিত পথ দুৰ্ঘটনা নিহত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ ৰাইজৰ

ডিব্ৰুগড়, 20 নৱেম্বৰ : দেওবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙি বজাৰত সংঘটিত পথ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ ডিব্ৰুগড় সদৰ থানাৰ সন্মুখত পথ দুৰ্ঘটনাৰ উচিত তদন্ত বিচাৰি আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, দেওবাৰে চৌকিডিঙি বজাৰ অভিমুখে আহি থকা এখন তীব্ৰবেগী আই-20 বাহনে শিশুসহ দুগৰাকী মহিলাক মহতিয়াইছিল ৷ ফলত গুৰুতৰভাৱে আহত হয় তিনিজন ৷ ইফালে আহত তিনিওজনকে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ কিন্তু লাৱন্য তাঁতী নামৰ মহিলাগৰাকী চিকিৎসালয়তে মৃত্যু হয় ৷ সেয়ে দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাৰ উচিত তদন্ত আৰু ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণৰ দাবীত সোমবাৰে ডিব্ৰুগড় সদৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

প্ৰতিবাদী ৰাইজৰ অভিযোগ, খোজকাঢ়ি গৈ থকা অৱস্থাত শিশুসহ দুগৰাকী মহিলাক মহতিয়াই লৈ গৈছিল তীব্ৰবেগী বাহনে ৷ সুৰাৰ নিচাত গাড়়ী চলোৱাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ দোষীক কেৱল আটক কৰিলে নহ’ব, দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে তীব্ৰবেগী বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষীক আহ্বান জনাইছে ৰাইজে ৷

ঘটনা অনুসৰি, দেওবাৰে চৌকিডিঙি বজাৰৰ পথৰ দাঁতিত ৰখাই থোৱা এখন মাৰুতিত খুন্দা মাৰিছিল তীব্ৰবেগী আই-20 বাহনখনে ৷ লগতে খোজকাঢ়ি গৈ থকা দুগৰাকী মহিলাসহ এটি শিশুক মহতিয়াই লৈ গৈছিল বাহনখনে । এই ঘটনাৰ পাচতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ দুৰ্ঘটনাগ্ৰস্ত আই-20 বাহনখনৰ নম্বৰ আছিল AS 06 W7989 আৰু মাৰুতি ভানখনৰ নম্বৰ AS06 F2277 ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ চৌকিডিঙি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, শিশুসহ তিনিজন আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.