ETV Bharat / state

ডিপ্লিং চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলিৰ আহ্বান ৰাইজৰ - মাহমৰা বিধানসভা সমষ্টি

মাহমৰা বিধানসভা সমষ্টিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পাচতো এটা স্বাস্থ্য কেন্দ্ৰ মুকলি নোহোৱাত অসন্তুষ্ট জনতা । ডিপ্লিং চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰাৰ আহ্বান ৰাইজৰ ।

As_Moran_02_Public_demands_to_open_the_Health_centre_at_Deepling_tea_estate_vis_As10031
ডিপ্লিং চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলিৰ আহ্বান ৰাইজৰ
author img

By

Published : May 28, 2021, 10:33 PM IST

মৰাণ, ২৮ মে': ২০১৯ চনতেই মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিপ্লিং চাহ বাগিচাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল । এক কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা স্বাস্থ্য কেন্দ্ৰৰ লগতে চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ ।

কিন্তু অতি পৰিতাপৰ বিষয় যে নিৰ্বাচনৰ পূৰ্বে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু আজিলৈকে মুকলি কৰি দিয়া নহ'ল নিৰ্মাণ সম্পূৰ্ণ হোৱা চিকিৎসা কেন্দ্ৰটো ।

ডিপ্লিং চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলিৰ আহ্বান ৰাইজৰ

আনহাতে, শেহতীয়াকৈ বাগিচাখনৰ এগৰাকী শ্ৰমিক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাচতে অতিশীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি দিয়াৰ লগতে চিকিৎসক, স্বাস্থ্য কৰ্মী নিয়োগ কৰাৰ উপৰিও চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে বাগিচাবাসীয়ে ।

উল্লেখ্য যে, মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিপ্লিং চাহ বাগিচাত নিৰ্মাণ কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজিলৈকে মুকলি নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে । মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকতিবাৰী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক সামৰি এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আহ্বান জনাই আহিছিল ।

ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মাহমৰাৰ ডিপ্লিং চাহ বাগিচাত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে । সেই অনুসৰি, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ উপস্থিতিত ২০১৯ বৰ্ষৰ ৬ অক্টোবৰত আধাৰশিলা স্থাপন কৰিছিল ।

লগতে পঢ়ক: বেঁকী নৈৰ গৰাখহনীয়া পৰিৰ্দশন উপায়ুক্ত আয়ুস গাৰ্গৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.