ETV Bharat / state

নলা আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীৰে মৰাণত প্ৰতিবাদ

author img

By

Published : Oct 9, 2020, 4:08 PM IST

মৰাণত নলা আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত একাংশ ব্যৱসায়ীয়ে বাধা প্ৰদান কৰাক লৈ সৰৱ হৈ পৰে আছুকে ধৰি ভিন্ন দল-সংগঠন ৷ নলা নৰ্দমা সমূহৰ কাম অনতিপলমে আৰম্ভ নকৰিলে মৰাণ নগৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাই ৷

মৰাণত প্ৰতিবাদ
মৰাণত প্ৰতিবাদ

মৰাণ, 9 অক্টোবৰ : মৰাণত প্ৰায় ১৩.৫০ কোটি টকাৰ ব্যয়েৰে চলি থকা নলা আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে, ভিন্ন দল-সংগঠনে ৷ কেইমাহমানৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথটোৰ আধাৰশিলা স্থাপন কৰে যদিও, সেই কাম যেন মৰাণৰ এচাম ব্যৱসায়ীৰ বাবে সম্ভৱ হৈ নুঠাৰ উপক্ৰম হৈছে ৷

মৰাণত নলা আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ

ট্ৰেফিক পইণ্টৰ সমীপত বৃহস্পতিবাৰে নৰ্দমা নিৰ্মাণৰ বাবে প্ৰশাসন তথা NHIDCL য়ে দেখুৱাই দিয়া অনুযায়ী ব্যৱসায়ীসকলৰ দোকানৰ বাৰাণ্ডা খন্দা হৈছিল ৷ তদুপৰি সেই সীমা নিৰ্ধাৰণত বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যিক গড়কাপ্তানি মন্ত্ৰী যোগেন মহনো উপস্থিত আছিল ৷ সেই কামত সকলোৱে সমৰ্থনো জনাইছিল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, বৃহস্পতিবাৰে কাম কৰি থকা অৱস্থাতে কাম বন্ধ কৰি দিলে কেইজনমান ব্যৱসায়ীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ৷ লগতে সেই খন্দা অংশ পূৰণ কৰিবলৈও ঠিকাদাৰ পক্ষক সকলো ফালৰ পৰা হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি আছুকে ধৰি মৰাণৰ বিভিন্ন দল সংগঠন সৰৱ হৈ পৰে ৷ যাৰ ফলশ্ৰুতিত শুকুৰবাৰে মৰাণৰ বিভিন্ন দল সংগঠনে, যদি নলা নৰ্দমা সমূহৰ কাম অনতিপলমে আৰম্ভ নকৰে তেন্তে সমগ্ৰ মৰাণ নগৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.