ETV Bharat / state

Microfinance ৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালত প্ৰতিবাদ - Microfinanceৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালৰ জপৰা গাঁৱত প্ৰতিবাদ

মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাইৰ দাবীত উত্তাল ডিব্ৰুগড় লাহোৱালৰ জপৰা গাঁৱৰ একাংশ মহিলা ৷ মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাই দিয়াৰ কথাকৈ এতিয়া ওলোটা খৰ মাৰিছে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় লাহোৱালৰ জপৰা গাঁৱৰ একাংশ মহিলাই ৷

Microfinanceৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালৰ জপৰা গাঁৱত প্ৰতিবাদ

author img

By

Published : Jun 13, 2021, 11:12 AM IST

মৰাণ, 13 জুন : মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাইক লৈ চৰ্চিত এতিয়া ৰাজ্য ৷ শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদত নামিল ডিব্ৰুগড় লাহোৱালৰ জপৰা গাঁৱৰ একাংশ মহিলা ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্বাচনী ৰেলীসমূহত বিশেষভাৱে মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত অসমৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সভা-সমিতিয়ে কৈছিল, নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিলেই আইসকলৰ মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ মাফ কৰা কথা । কিন্তু নিৰ্বাচনী যুঁজত জয়ী হৈ সকলো প্ৰতিশ্ৰুতি পাহৰিলে ড৹ শৰ্মাই ৷ এই অভিযোগ উত্থাপন কৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷ যাক লৈ খৰ্গগ্ৰস্ত হৈছে ডিব্ৰুগড়ৰ একাংশ মহিলা ৷

Microfinanceৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালৰ জপৰা গাঁৱত প্ৰতিবাদ

ইফালে মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে এক তথ্য ৷ ৩৩ টা মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠান, ৩ টা বেংক, ৪ টা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠা, দুই-এখন সমবায়ে প্ৰায় ২৬ লাখ গ্ৰাহকক ৪৫ লাখ বেংক একাউণ্টৰ জৰিয়তে দিয়া ঋণৰ বৰ্তমান সুদে-মূলে দিবলৈ আছে ১২,৫০০ কোটি টকা ৷ ইতিমধ্যে চৰকাৰখনে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণৰ সন্দৰ্ভত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে অশোক সিংঘালৰ নেতৃত্বত গঠন কৰা কমিটিয়ে কি ধৰণে এই সমস্যাটো সমাধান কৰিব তাক লৈ চিন্তাত পৰিছে এইসকল মহিলা ।

লগতে পঢ়ক: ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.