ETV Bharat / state

অইল ইণ্ডিয়া গ'বেক ধ্বনিৰে উত্তাল হ'ল দুলীয়াজান

Protest against Oil India limited: অইল ইণ্ডিয়া গ'বেক ধ্বনিৰে উত্তাল হ'ল দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ৷ কেইবাটাও দাবী পূৰণৰ দাবীত শ শ প্ৰতিবাদকাৰীৰ তীব্ৰ প্ৰতিবাদ ৷

Protest Against OIL India Limited in Duliajan
শ শ প্ৰতিবাদকাৰীৰ তীব্ৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:42 PM IST

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

মৰাণ, 18 ডিচেম্বৰ : অইল ইণ্ডিয়া উত্তৰ-পূৰ্বাঞ্চলৰ অতি লাভজনক উদ্যোগ ৷ দেশৰ অৰ্থনীতি সৱলী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই ৷ কিন্তু এই অতি লাভজনক উদ্যোগৰ লগত জড়িত কৰ্মী সকলে নিজৰ অধিকাৰৰ বাবে সময়ে সময়ে কৰিবলগীয়া হয় আন্দোলন, প্ৰতিবাদ ৷

সোমবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ প্ৰতিবাদকাৰীয়ে ৷ অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত গাওঁৰক্ষী বাহিনীয়ে সাব্যস্ত কৰে এইবাৰ প্ৰতিবাদ ৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইল গাওঁৰক্ষী বাহিনীৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অইল ইণ্ডিয়া গ'বেক ধ্বনিৰে উত্তাল কৰিলে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ৷

প্ৰতিবাদকাৰীয়ে অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত ভি ডি পি চিকিউৰিটিৰ চাকৰি নিয়মীয়া কৰি ভৱিষ্যত সুৰক্ষিত কৰা, ভি ডি পি চিকিউৰিটি সকলক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা আদি কেইবাদফীয়া দাবীত প্ৰতিবাদকাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ দৈনিক এই সকল ভি ডি পি চিকিউৰিটিয়ে 100 টকাৰ মজুৰী লৈ কাম কৰি আহিছে যদিও তেওঁলোকৰ সমস্যা, অভাৱ-অভিযোগ সমাধান কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে তেওঁলোক ৷

দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইল ভি ডি পি চিকিউৰিটি সকলে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰদান কৰি আহিছে যদিও তেওঁলোকৰ দাবী পূৰণত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নকৰাত এইদৰে প্ৰতিবাদৰ পাছত প্ৰতিবাদ কৰিছে তেওঁলোকে ৷ আজি এই প্ৰতিবাদৰ পাছতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই 9 জানুৱাৰীত প্ৰতিবাদকাৰী ভি ডি পি চিকিউৰিটি সকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিছে প্ৰতিবাদকাৰী সকলে ৷ এই আলোচনাৰ পাছত অইল ইণ্ডিয়া কৰ্তৃপক্ষই ভি ডি পি চিকিউৰিটি সকলৰ সমস্যা সমাধান কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : ডিব্ৰুগড়ৰ সংকল্প যাত্ৰাত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী, কিয় দিল্লী পালেগৈ ড৹ শৰ্মা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.