ডিব্ৰুগড়,29 মাৰ্চ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ ডিব্ৰুগড়ত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ । ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন ডুলু গগৈক সাক্ষাৎ কৰি অসমবাসী ৰাইজক তেওঁৰ স্বাস্থ্যৰ উন্নতি হকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে ডুলু গগৈৰ স্বাস্থ্যৰ উন্নত চিকিৎসাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷ প্ৰাক্তন সতীৰ্থ গৰাকীৰ মাতৃৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাত মৰ্মাহত হোৱা দেখা গ'ল আছুৰ নেতৃত্বক ।
লগতে পঢ়ক : মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ