ETV Bharat / state

ডিব্ৰুগড়ত কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়ৰ সংবাদমেল - 2021ৰ বিধানসভা নিৰ্বাচন

সমাগত 2021ৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে এতিয়া তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য দলৰ সমান্তৰালকৈ কংগ্ৰেছেও ৰাজ্যত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৷

press-meet-of-congress-leader-bikash-upadhaya
ডিব্ৰুগড়ত কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়ৰ সংবাদমেল
author img

By

Published : Jan 17, 2021, 9:26 PM IST

মৰাণ, 17 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

অন্যান্য বিৰোধী দলৰ সমান্তৰালকৈ কংগ্ৰেছেও ৰাজ্যত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৷ দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়ে হোটেল লিটিল প্লেচত এক সংবাদমেল সম্বোধন কৰে ৷ কিছুদিন পূৰ্বে টিংখাঙত সংঘটিত হোৱা এগৰাকী কন্যাৰ লগতে এগৰাকী বোৱাৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি দোষীক অতি শীঘ্ৰে কৰায়ত্ত নকৰিলে ৰাজপথলৈ ওলাই আহি আন্দোলনৰ হুংকাৰ প্ৰদান কৰে বিকাশ উপাধ্যায়ে ৷

ডিব্ৰুগড়ত কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়ৰ সংবাদমেল

সংবাদমেলত কৃষি বিলকে ধৰি আগন্তুক নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়ে ৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছে সকলো সমষ্টিত নিজৰ প্ৰাৰ্থী আগবঢ়াব বুলি মন্তব্য আগবঢ়ায় কংগ্ৰেছৰ সচিবগৰাকীয়ে ৷

লগতে পঢ়ক: অৰ্ধনগ্ন নৃত্য পৰিবেশনৰ লগত জড়িত আছে বিজেপিৰ নেতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.