ETV Bharat / state

নামৰূপত আৰ্তজনৰ ওচৰত লুৰিণজ্যোতি গগৈ - Lurinjyoti Gogoi

নামৰূপৰ বিভিন্ন অঞ্চলত কোৱাৰেণ্টাইনত থকা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল লুৰিণজ্যোতি গগৈ ৷ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে লোকসকলক প্ৰদান কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী ৷

president of AJP comes to help quarantine people of Namrup assam etv bharat news
নামৰূপত আৰ্তজনৰ ওচৰত লুৰিণজ্যোতি গগৈ
author img

By

Published : May 26, 2021, 8:09 AM IST

মৰাণ,26 মে’: ৰাজ্যত বৰ্তমানেও শাম কটা নাই ক’ভিড মহামাৰীৰ আতংকময় পৰিস্থিতি ৷ এইক্ষেত্ৰত সৰ্বাধিক আক্ৰান্তৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিছে কামৰূপ(ম) জিলাই ৷ আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত জিলাখনৰ কেইবাটাও স্থানক কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷ আনহাতে, ৰাজ্যৰ ক’ভিড 19 ৰ সংক্ৰমণ হোৱা জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা ৷ ইতিমধ্যে চৰকাৰে কোৱাৰেণ্টাইনত থকা পৰিয়ালসমূহক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল যদিও অধিকাংশ অঞ্চলতে আজিও পৰ্যাপ্ত সামগ্ৰী যোগান ধৰিব পৰা নাই ৷‌

president of AJP comes to help quarantine people of Namrup assam etv bharat news
ৰাইজৰ মনৰ বুজ ল’লে লুৰিণে

নামৰূপৰ ভিন্ন অঞ্চলত কোৱাৰেণ্টাইনত থকা লোকসকলৰ লগতে আৰ্তজনৰ সহায়ৰ বাবে মঙলবাৰে আগবাঢ়ি অহা দেখা যায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৷ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ থাৰ্মেলৰ লাচিত বৰফুকন গাঁও, বিভিএফচিএল চেক্টৰ F, চেক্টৰ C, নিউ কলনী আৰু ১ নং দোৱণীয়া গাঁৱত কোৱাৰেন্টাইনত থকা লোকসকলৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

ৰাইজৰ কাষত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ

উল্লেখ্য যে, বিগত অসম বিধানসভাৰ নিৰ্বাচনত নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিৰ্বাচনী ৰণত পৰাজয় স্বীকাৰ কৰা লুৰিণজ্যোতি গগৈৰ এনে পদক্ষেপক অধিকাংশ লোকে প্ৰশংসা কৰিছে ৷ ভোটযুদ্ধত জয় লাভ কৰিব নোৱাৰিলেও কল্যাণমূলক কামেৰে সাধাৰণ লোকৰ মন জয় কৰাৰ চেষ্টাত অৱতীৰ্ণ হৈছে নৱগঠিত ৰাজনৈতিক দলটোৰ সভাপতিগৰাকীয়ে ৷

এজেপিৰ সভাপতি গৰাকীৰ বিশেষ পদক্ষেপ

সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তৰংগ গগৈ এই সময়ত ৰাইজৰ কাষত উপস্থিত নথকাৰ বিপৰীতে এজেপিৰ সভাপতি গৰাকী সমষ্টিবাসীৰ কাষত থিয় হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বিগত নিৰ্বাচনত নিৰ্বাচনী বৈতৰণী পাৰ হ’ব নোৱাৰা লুৰিণজ্যোতি গগৈৰ এনে পদক্ষেপে পৰৱৰ্তী সময়ত গগৈক সাধাৰণ ৰাইজৰ কাষ চপাই অনাতো একপ্ৰকাৰ নিশ্চিত বুলি মন্তব্য কৰিছে একাংশ লোকে ৷

অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান

লগতে চাওকঃ উত্তৰ-পূৱতো পৰিব ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.