ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক - চক্ৰধৰ গগৈ

শুকুৰবাৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিটোৰ মহিলাসকলৰ মাজত ‘স্বনির্ভৰ নাৰীঃ আত্মনিৰ্ভৰ অসম’ অভিলাষী আঁচনি ৰূপায়ন সন্দৰ্ভত তৎপৰ হৈ পৰে ৷ আঁচনি ৰূপায়ন সম্পৰ্কে আলোচনা কৰাৰ লগতে আঁচনিখন সঠিকভাৱে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷

Preparation for scheme of 'swanirbhar nari atmonirbhar asom ' scheme in Moran
নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক
author img

By

Published : Oct 31, 2020, 10:15 AM IST

মৰাণ,31 অক্টোবৰ : সমাগত বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মহিলা সৱলীকৰণৰ বাবে সোণোৱাল চৰকাৰে এখনৰ পাচত আনখন আচঁনি ৰূপায়ন কৰিছে । শেহতীয়াকৈ গ্রামাঞ্চলৰ আর্থিকভাৱে দুর্বল মহিলাসকলক সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া ‘স্বনির্ভৰ নাৰীঃ আত্মনিৰ্ভৰ অসম’ অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

Preparation for scheme of 'swanirbhar nari atmonirbhar asom ' scheme in Moran
নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক

ইয়াৰ পাচতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিটোৰ মহিলাসকলৰ মাজত আঁচনিখন ৰূপায়ন কৰাৰ বাবে তৎপৰ হৈ পৰে । শুকুৰবাৰে বিধায়ক গৰাকীয়ে আঁচনি সম্পৰ্কে মৰাণ সমষ্টিৰ লৰুৱা মৌজাৰ বহুকেইগৰাকী পঞ্চায়ত সভানেত্ৰীৰ সৈতে বৰবৰুৱা ব্লকৰ খণ্ড উন্নয়ন বিষয়া বনজ্যোতি গগৈ আৰু NRLMৰ BPM স্নেহা ওজাৰ উপস্থিতিত আঁচনি ৰূপায়ন সম্পৰ্কে আলোচনা কৰাৰ লগতে আঁচনিখন সঠিকভাৱে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে,এই আঁচনিৰ জৰিয়তে মহাত্মা গান্ধী এনৰেগাৰ অধীনত গ্রামাঞ্চলৰ দুখীয়া মহিলাসকলৰ উত্তৰণৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান,কৃষি,উদ্যান শস্য,মীন,পৰিৱেশ আৰু বন,হস্ততাঁত আৰু বস্ত্রশিল্প,ৰেচম,পশুপালন আৰু জলসিঞ্চন বিভাগে সহযোগী বিভাগ হিচাপে কাম কৰিব । প্রথম পর্যায়ত চৰকাৰে আত্মসহায়ক গোটৰ 4 লাখ পৰিয়াললৈ উৎপাদনশীল সমল প্রদানৰ জৰিয়তে অবিৰত তথা বহনক্ষম জীৱিকাৰ সুযোগ প্রদানেৰে ব্যক্তিগত আৰু গোটভিত্তিক আঁচনি প্রদানৰ ব্যৱস্থা কৰিব ।

লগতে পঢ়ক : দৰঙত একে নিশাই চোৰে চুৰি কৰিলে 9টাকৈ গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.