ETV Bharat / state

জেক ৱেলৰ সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক

author img

By

Published : Sep 7, 2020, 11:07 PM IST

Updated : Sep 8, 2020, 4:23 PM IST

নামৰূপ সাৰ কাৰখানাৰ ফলত সৃষ্টি হৈছে এই জেক ৱেল ৷ সাৰ কাৰখানাৰ বাবে প্ৰয়োজনীয় পানী দিচাঙৰ পৰা সংগ্ৰহ কৰি পুনৰ নৈখনৰ বুকুতে এৰি দিয়াৰ ফলত সৃষ্টি হৈছিল এই জেক ৱেলৰ ৷ প্ৰচাৰৰ অভাৱত পৰি ৰোৱা এই জেক ৱেলৰ ভিডিঅ’ সম্প্ৰচাৰ হৈছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৷ পৰৱৰ্তী সময়ত এই জেক ৱেলৰ সৌন্দৰ্য উপভোগৰ বাবে আগমন ঘটে পৰ্যটকৰ ৷

posibilities of tourist near patkai hill called jack wall dibrugarh assam etv bharat news
অপৰূপা জেক ৱেলৰ সৌন্দৰ্য

ডিব্ৰুগড়,7 ছেপ্তেম্বৰ: শস্য-শ্যামলা ধৰিত্ৰীৰ বুকু ভৰি থাকে সৌন্দৰ্যৰ আঁকৰেৰে ৷ এনে সৌন্দৰ্যৰ সুধা পান কৰিবলৈ সদায়ে আগ্ৰহী মানৱ জাতি ৷ এনে নান্দনিক সৃষ্টিসমূহৰ আকৰ্ষণে ৰিঙিয়াই মাতি আনে পৰ্যটকক ৷ সৌন্দৰ্যৰ আঁকৰেৰে পুষ্ট উত্তৰ-পূৰ্বাঞ্চলৰ বুকু ভৰি আছে জৈৱ বৈচিত্ৰৰে ৷ অসমতো আমাৰ অজ্ঞাতে এনেকুৱা বহু ঠাই আছে যি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৷ তেনে এক অপৰূপ সৌন্দৰ্যৰ ভাণ্ডাৰ নামৰূপৰ পাটকাই পাহাৰৰ সমীপৰ দিচাং নৈৰ বুকুত সৃষ্টি হোৱা জেক ৱেলৰ ৷ ইয়ে ঐতিহাসিক পাটকাই পাহাৰৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে ৷

নামৰূপ সাৰ কাৰখানাৰ ফলত সৃষ্টি হৈছে এই জেক ৱেল ৷ সাৰ কাৰখানাৰ বাবে প্ৰয়োজনীয় পানী দিচাঙৰ পৰা সংগ্ৰহ কৰি পুনৰ নৈখনৰ বুকুতে এৰি দিয়াৰ ফলত সৃষ্টি হৈছিল এই জেক ৱেলৰ ৷ প্ৰচাৰৰ অভাৱত পৰি ৰোৱা এই জেক ৱেলৰ ভিডিঅ’ সম্প্ৰচাৰ হৈছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৷ পৰৱৰ্তী সময়ত এই জেক ৱেলৰ সৌন্দৰ্য উপভোগৰ বাবে আগমন ঘটে পৰ্যটকৰ ৷ সাৰ কাৰখানা কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্মিত এই ঠাইডোখৰত আন কেইবাটাও সৰু সৰু বান্ধ পৰিলক্ষিত হয় ৷ সাৰ কাৰখানাটোৰ সুবিধাৰ বাবে নিৰ্মিত এই জেক ৱেলৰ সমীপৰ পৰা উপভোগ কৰিব পাৰি পাটকাইৰ সেউজীয়া সৌন্দৰ্য ৷ কিন্তু ইয়াৰ তীব্ৰ সোঁতৰ বাবে পৰ্যটকসকল সাৱধান নহ’লে যি কোনো মুহুৰ্ততে ঘটিব পাৰে দুৰ্ঘটনা ৷ সেয়ে ইয়াক পৰ্যটকৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত কৰাৰ প্ৰতি আপত্তি প্ৰদৰ্শন কৰিছে সাৰ কাৰখানা কৰ্তৃপক্ষই ৷ স্থানীয় সাংবাদিক কল্পদীপ মোহনে আকৌ এই স্থলী পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰতি আগবঢ়াইছে মুক্ত সমৰ্থন ৷

অপৰূপা জেক ৱেলৰ সৌন্দৰ্য

উপযুক্ত পৰিকল্পনাৰে অসম চৰকাৰৰ পৰ্যটন বিভাগে এই অঞ্চল ৰূপান্তৰিত কৰিব পাৰে পৰ্যটন ক্ষেত্ৰলৈ ৷ যাৰ পৰা দেশী-বিদেশী পৰ্যটকে পাটকাইৰ সৌন্দৰ্য উপভোগ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰিব উপযুক্ত পৰিমাণৰ ৰাজহ ৷

লগতে চাওকঃ বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই

Last Updated : Sep 8, 2020, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.