ETV Bharat / state

বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত শংকিত মৰাণবাসী

author img

By

Published : Oct 10, 2020, 3:12 PM IST

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মৰাণ বিধানসভা সমষ্টি ৷ জৰাজীৰ্ণ পথৰে যাতায়ত অব্যাহত ৰাইজৰ ৷ গৰাখহনীয়া সমস্যাই জুৰুলা কৰিছে ৰাইজক ৷

Poor Road Condition In Moran Constituency
বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত শংকিত মৰাণবাসী

মৰাণ,10 অক্টোবৰ : ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কলাখোৱা পঞ্চায়তৰ অন্তৰ্গত বান বিধ্বস্ত ভিতৰুৱা ৰঙাগৰা গাঁওখন এশ এবুৰি সমস্যাৰে জৰ্জৰিত । চলিত বৰ্ষত অহা বহুকেইটা বানে জুৰুলা কৰা ৰঙাগৰা গাঁওখনৰ সমস্যাকলৈ গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধিৰ । ইফালে,বানে ধুই নিয়া অঞ্চলটোত শেহতীয়াকৈ বুঢ়ীদিহিং নদীৰ ব্যাপক গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৰঙাগৰালৈ ।

স্থানীয় লোকৰ মন্তব্য

আনহাতে,ৰঙাগৰা গাঁওখনত যাতায়তৰ বাবে পথৰ কোনো সু-ব্যৱস্থা নথকাত নদীৰ কাষৰ লুংলুঙীয়া বাটেৰে ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কে ৰঙাগৰা গাঁৱখনৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। পৰিৱৰ্তনৰ কথা কৈ থকা চৰকাৰৰ কোনো আঁচনিয়ে আজিকোপতি স্পৰ্শ কৰিব পৰা নাই উক্ত অঞ্চলটো ।

স্থানীয় লোকৰ মন্তব্য

উল্লেখ্য যে,মুখ্যমন্ত্ৰীৰ গৃহ জিলা হোৱা পিচতো সমষ্টিটো এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাত সম্প্ৰতি সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত হাইলাকান্দি জিলাৰ অগপ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.