ETV Bharat / state

খোৱাঙত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

author img

By

Published : May 30, 2021, 6:22 PM IST

খোৱাঙত ভগ্ন খুঁটাৰে অব্যাহত আছে বিদ্যুতৰ যোগান । বিপদসংকুলভাৱে বাঁহ আৰু কাঠ জোৰা দি বিদ্যুতৰ তাঁৰ ওলমাই ৰাখিছে বিদ্যুৎ বিভাগে । বিপদৰ আশংকা স্থানীয় ৰাইজৰ । অতি শীঘ্ৰে এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান ৰাইজৰ ।

poor electricity supply at khowang
খোৱাঙত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

মৰাণ,৩০ মে': পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি প্ৰথম ৫ বছৰ অতিক্ৰম কৰা চৰকাৰে পুনৰ এবাৰ চৰকাৰ গঠন কৰিলে । কিন্তু চৰকাৰৰ কেইবাটাও বিভাগত নহ'ল কোনো ধৰণৰ পৰিৱৰ্তন ৷ বিশেষকৈ বিদ্যুৎ বিভাগৰ ক্ষেত্ৰত বহুকেইটা স্থানত পৰিলক্ষিত ন'হল কোনো ধৰণৰ পৰিৱৰ্তন ৷

খোৱাঙত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বিভিন্ন স্থানত এতিয়াও জোৰা টাপলি মাৰিয়ে চলিছে বিভাগটো । বিদ্যুৎ বিভাগৰ বিষয়াক অভিযোগ দি ভাগৰি পৰিল খোৱাঙৰ টেপৰচালি বাম গাৰিহালি চুক চেতীয়া ব্লকৰ ৰাইজ । কিন্তু, ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগ তথা জনপ্ৰতিনিধিৰ ।

দুশতকৈ অধিক পৰিয়াল থকা গাঁওখনত বিদ্যুৎ বিভাগে ভগ্ন বিদ্যুৎ খুঁটাত বাঁহ-কাঠ জোৰা দি বিদ্যুতৰ তাঁৰ ওলোমাই অতি বিপদজনকভাৱে বিদ্যুৎ যোগান ধৰি আহিছে । ইফালে সেই বৃহৎ অঞ্চলটোত মাত্ৰ এটাহে ট্ৰেঞ্চফৰ্মাৰ থকা বাবে নিশা ভল্টেজ নাথাকে গাঁওখনত । বছৰ বছৰ ধৰি এনেদৰে বিদ্যুৎ যোগান চলি থকা পাচতো বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

গাঁওবাসীৰ মতে এনেদৰে বিদ্যুৎ থকা আৰু নথকা প্ৰায় একেই কথা । ইফালে বাঁহ-কাঠৰ খুঁটাত তাঁৰ ওলোমাই ৰখাত ভয়ংকৰ বিপদৰ আশংকা কৰিছে ৰাইজে । এই ক্ষেত্ৰত অতি শীঘ্ৰে স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে । বিধায়কগৰাকীক বিষয়টোত হস্তক্ষেপ কৰি তেওঁলোকৰ সমস্যা সমাধানৰ আহ্বান জনাইছে গাঁওখনৰ ৰাইজে ।

লগতে পঢ়ক: এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.