ETV Bharat / state

ভালকৈ নাচালে ধৰিবই নোৱাৰি এয়া যে স্বাস্থ্যকেন্দ্ৰহে...

পৰিত্যক্ত অৱস্থাত নাহৰকটীয়াৰ পানীবুৰা উপ স্বাস্থ্যকেন্দ্ৰ ৷ নিৰ্মাণৰ ৩ বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল কেন্দ্ৰটো ৷ পানীবুৰা উপ স্বাস্থ্যকেন্দ্ৰটো মুকলি নোহোৱাত বিপাঙত পৰিছে অঞ্চলবাসী ৷

author img

By

Published : Sep 13, 2021, 7:18 PM IST

Poor condition of Panibura sub health centre
ভূত-বাংলাত পৰিণত নাহৰকটীয়াৰ পানীবুৰা উপস্বাস্থ্য কেন্দ্ৰ

মৰাণ, 13 ছেপ্তেম্বৰ : ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আজব কাণ্ড । পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে ৰাজ্যৰ এটা উপস্বাস্থ্য কেন্দ্ৰ ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিত থকা কোটি টকীয়া পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান পৰি ৰৈছে আলৈ আথানি হৈ ৷ এই বিশেষ স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ দায়িত্ব লৈ থকা সময়তে আৰম্ভ হৈছিল ৷

Poor condition of Panibura sub health centre_
পৰিত্যক্ত পানীবুৰা উপ স্বাস্থ্যকেন্দ্ৰ

কিন্তু স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থাকিও বৰ্তমানলৈকে মুকলি নহ’ল পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰটো ৷ আনহাতে, স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ থকা কালতেই ড৹ শৰ্মাই স্বাস্থ্যবিভাগত ব্যয় কৰিছিল বহু টকা ৷ কিন্তু সেই টকা কিমান আৰু ক’ত সঠিক ৰূপত ব্যয় হৈছে সেয়া বৰ্তনানেও এক সাঁথৰ বুলি ক’ব পাৰি ৷

লগতে পঢ়ক: সংবাদ মাধ্যমতহে ৰাইজৰ দলৰ নাম শুনিছে সুশান্ত বৰগোঁহায়ে

আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ঘোষণা কৰিছিল যে, ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসম নাম অন্তৰ্ভুক্ত কৰা ৷ কিন্তু এই ঘোষণা কেৱল ঘোষণাতে থাকিব নে কাৰ্যক্ষম হ’ব, এই লৈ শীৰ্ষ মহলত হৈছে চৰ্চা ৷ অসমৰ উন্নতিৰ হকে কেৱল শ্ল’গানতে সীমাবদ্ধ নেকি অসম চৰকাৰ ৷

বিগত পাঁচটা বছৰত অসমৰ কিমান উন্নতি হৈছে তাৰে এক উদাহৰণ বুলি ক’ব পাৰি পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰটো ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অভিযানৰ অধীনত ২০১৩ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণৰ কাম ২০১৮ চনত সম্পূৰ্ণ হৈছিল । পানীবুৰাত চিকিৎসা কেন্দ্ৰটো নিৰ্মাণ হোৱাত যথেষ্ট আশাবাদী আছিল বৃহত্তৰ পানীবুৰা বাসী ৰাইজ । কিন্তু নিৰ্মাণৰ ৩ টা বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল ‘পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰ’টো ।

লগতে পঢ়ক: বেকী নৈৰ বানত তচনচ কৃষকৰ সোণালী সপোন

উপ-স্বাস্থ্য কেন্দ্ৰটোত বিদ্যুৎ সংযোগৰ লগতে প্ৰয়োজনীয় বিভিন্ন আজবাব মজুত থকাৰ পাচতো আজিলৈকে পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷ কিন্তু কি কাৰণে আজিলৈকে পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা সেৱা আৰম্ভ কৰা নহ'ল সেয়া অঞ্চলবাসীৰ বাবে এক সাঁথৰত পৰিণত হৈছে । পানীবুৰা উপ-স্বাস্থ্য কেন্দ্ৰটো এতিয়া পানীবুৰাবাসীৰ বাবে মূৰৰ কামোৰণিহে হৈছে ৷ এই অভিযোগ তৰিছে অঞ্চলবাসীৰ বাবে ৷

পৰিত্যক্ত পানীবুৰা উপস্বাস্থ্য কেন্দ্ৰ

ইফালে চিকিৎসালয়খন মুকলি নোহোৱাৰ বাবেই নাহৰকটীয়া সমষ্টিৰ এই পিছপৰা অঞ্চলটোৰ ১ নং পানীবুৰা, ২ নং পানীবুৰা, চকলীয়া, কদমনি, পানীবুৰা পথাৰ আদি গাঁৱৰ ৰাইজে সামান্য অসুখ এটা হ'লেও চিকিৎসাৰ বাবে বহু দূৰ যাতায়ত কৰিবলগীয়া হয় । বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাচতো উপ-স্বাস্থ্য কেন্দ্ৰটো মুকলি নোহোৱাত একপ্ৰকাৰ বিপাঙত পৰিছে স্থানীয় বাসিন্দা সকল ৷ সেয়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: বিশ্বকৰ্মা পূজাৰ মৃণ্ময় মূৰ্তি বনোৱাত ব্যস্ত মৃৎ শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.