ETV Bharat / state

উপেক্ষিত সোণাৰিবাসী : পথ মেৰামতিৰ বাবে ৰাজপথত এদল যুৱক

author img

By

Published : Jul 27, 2021, 8:43 AM IST

চৰকাৰলৈ অপেক্ষা নকৰি জৰ্জৰিত পথ মেৰামতিৰ বাবে হাতে-কামে লাগিছে সোণাৰি বিধানসভা সমষ্টি (Sonari Constituency)ৰ কাণুবাৰী বালিজান গ্ৰাণ্টৰ যুৱকবৃন্দ ৷ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)ৰ গৃহ সমষ্টিৰ অন্তৰ্গত এই পথটো আজিলৈকে ঢুকি নাপালে চৰকাৰী আঁচনিয়ে ৷

poor condition of a road in sonari
সোণাৰিত পথ মেৰামতি

মৰাণ,26 জুলাই : সোণাৰি বিধানসভা সমষ্টি (Sonari Constituency)ৰ অন্তৰ্গত বালিজান গ্ৰাণ্ট অঞ্চলত পথৰ দুৰাৱস্থা ৷ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)ৰ গৃহ সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰি কৰিবলগীয়া হৈছে হাহাকাৰ । আজিও চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই সোণাৰিৰ কাণুবাৰী বালিজান গ্ৰাণ্ট অঞ্চলক । যাৰ ফলস্বৰূপে ফলত ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই অঞ্চলটো ৷

লগতে পঢ়ক : আজুৰ কোম্পানীৰ বিৰুদ্ধে বিদ্যুৎ চুৰিৰ গুৰুতৰ অভিযোগ

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোৰ প্ৰায় সংখ্যক লোক কৃষিৰ লগত জড়িত যদিও যাতায়াতৰ সু-ব্যৱস্থা নথকাৰ ফলত দীৰ্ঘদিন ধৰি যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী । কাণুবাৰী বালিজান গ্ৰাণ্ট অঞ্চলৰ পৰা চৰাইদেউ জিলাৰ সদৰ সোণাৰিলৈ যাবলৈও চিন্তাৰ কাৰণ হৈ পৰে স্থানীয় ৰাইজৰ । অঞ্চলটোৰ জৰাজীৰ্ণ মূল পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা চৰকাৰে ।

সোণাৰিত পথ মেৰামতি

কি কংগ্ৰেছ, কি বিজেপি ! কেৱল মাত্ৰ নিৰ্বাচনৰ আগে আগে প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে নেতাসকলে ।

সম্প্ৰতি বিধ্বস্ত পথেৰেই অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় লোকসকল । ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে কাণুবাৰী বালিজান গ্ৰাণ্টৰ যুৱকসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ অপেক্ষা নকৰি নিজা প্ৰচেষ্টাৰে পথটো মেৰামতি কৰাৰ প্ৰয়াস কৰে । অতি ভিতৰুৱা অঞ্চলটোৰ বিধ্বস্ত পথটো শীঘ্ৰেই মেৰামতি কৰিবলৈ আহ্বান জনাইছে ভুক্তভাগী ৰাইজে ।

লগতে পঢ়ক : মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.