ETV Bharat / state

দণ্ডাধীশে কিয় ভাঙিলে বিদ্যালয়ৰ তলা ?

আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সহায়ত ডিব্ৰুগড়ৰ এখন বিদ্যালয়ৰ তলা ভাঙিলে দণ্ডাধীশ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৷ ডিব্ৰুগড়ৰ আলিমূৰস্থিত সৌমাৰপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ আজৱ কাণ্ডৰ বাবেই সংঘটিত এই ঘটনা ৷

author img

By

Published : Jul 5, 2021, 11:01 PM IST

police-steps-in-to-break-lock-of-a-school-in-dibrugarh-assam
আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সহায়ত দণ্ডাধীশে ভাঙিলে বিদ্যালয়ৰ তলা

মৰাণ, 5 জুলাই : সোমবাৰে এক অনাহুত পৰিৱেশৰ সৃষ্টি হয় ডিব্ৰুগড় জিলাত ৷ দণ্ডাধীশ(Magistrate) আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিশাল আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী(CRPF)ৰ লগত লৈ এখন বিদ্যালয়ৰ তলা ভাঙিবলৈ বাধ্য হয় । ডিব্ৰুগড়ৰ আলিমূৰস্থিত সৌমাৰপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ আজৱ কাণ্ডৰ বাবেই সংঘটিত হৈছে এই ঘটনা । প্ৰধান শিক্ষক গৰাকীৰ চূড়ান্ত অদূৰদৰ্শিতাৰ বাবেই মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া ৩৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনকলৈও নামি আহিছে ভাবুকি ৷

উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি প্ৰধান শিক্ষক গৰাকীয়ে নৱম দশম শ্ৰেণীৰ মূল্যায়নৰ বহী লুকুৱাই ৰাখিছিল । এইকথাত উপয়ান্তৰ হৈ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ লগতে আটছা(ATSA)ই এই বিষয়ত জিলা প্ৰশাসন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক এক অভিযোগ দাখিল কৰে ৷ অৱশ্যে, সৌমাৰপীঠ উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ গোপাল প্ৰসাদ চাহু নামৰ প্ৰধান শিক্ষক গৰাকীয়ে জিলা প্ৰশাসন(District administration) আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক(Inspector of schools)ৰ নিৰ্দেশকো অৱমাননা কৰি মূল্যায়নৰ বহীসমূহ লুকুৱাই ৰাখে ।

কেইবাখনো কাৰণ দৰ্শোৱাৰ জাননি দিয়াৰ পাছতো ছাত্র-ছাত্ৰীৰ মূল্যায়নৰ তথ্য প্ৰদান নকৰাত ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন এক প্ৰকাৰ অন্ধকাৰছন্ন হৈ পৰিছিল ।

অৱশেষত, সোমবাৰে বিদ্যালয় পৰিদৰ্শক গৰাকীয়ে দণ্ডাধীশৰ সৈতে বিশাল আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সহযোগত বিদ্যালয়ৰ তলা ভাঙি উদ্ধাৰ কৰে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ উত্তৰ বহীসমূহ । ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি বিতৰণ নকৰাৰো আন এক তথ্য পোহৰলৈ আহে । বিদ্যালয়ৰ তলা ভঙাৰ পাছতে উদ্ধাৰ হয় এই পাঠ্যপুথিসমূহ । এতিয়া, এই ঘটনাই ডিব্ৰুগড়ৰ শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে, ছাত্ৰৰ জীৱনক লৈ হেতালি খেলা এনে শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.