ডিব্ৰুগড়, 14 এপ্ৰিল : ব’হাগৰ দোমাহীৰ দিনাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল ডিব্ৰুগড়বাসী ৷ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ সম্প্ৰসাৰিত 500 টন উৎপাদক্ষম মিথানল প্ৰকল্পটো (PM Modi inaugurate methanol plant of Assam Petro Chemicals Limited) ।
গৰু বিহুৰ দিনা বিয়লি ভাৰ্চুৱেলী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উদ্যোগটো উদ্বোধন কৰে ৷ এই উপলক্ষে এই উদ্যোগটোৰ চৌহদত ব্যাপক আয়োজনেৰে এই উদ্বোধনীক স্মৰণীয় কৰি তোলা হয় । নামৰূপতো উদ্যোগটোৰ চৌহদত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈ পৰে ৷
আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকা, পৰিচালন সঞ্চালক ৰাজনীশ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সংশ্লিষ্ট বিষয়াসকলো ।
লগতে পঢ়ক : Nalbari Medical College inauguration: মুকলি হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল
উল্লেখযোগ্য যে, 2013 চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে বৰ্ধিত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পিচত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী বিমল বড়াৰ অহৰহ প্ৰচেষ্টাত বৰ্ধিত মিথানল প্ৰকল্পটোৰ কাম ভাৰতবৰ্ষৰ 11 টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ এই প্ৰকল্পটোৱে দেশৰ ভিতৰতে এটা লাভজনক উদ্যোগ প্ৰতিষ্ঠান হিচাপে লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী দেশবাসী । সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকাই ৷
অসম পেট্ৰকেমিকেল লিমিটেড প্ৰকল্পটোৱে দৈনিক 500 টন মিথানল আৰু 200 টন ফৰ্মেনিল উৎপাদন কৰি ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা কৰিছে । ইফালে প্ৰায় 18 শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰকল্পটোত প্ৰায় দুই তিনি শতাধিক নিৱনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী অসম পেট্ৰকেমিকেল লিমিটেড প্ৰকল্পটোৰ লগত জড়িত ব্যক্তিসকল ৷