ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 3:32 PM IST

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা মাৰ্চ-পাষ্ট কাৰ্যসূচীৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই ৷

Platinum jubilee of Tingkhong HS School
মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান
টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী

ডিব্ৰুগড়, 4 ডিচেম্বৰ : স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন চৰকাৰী শিক্ষানুষ্ঠান, টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ সোমবাৰৰ পৰা আৰম্ভ হৈছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ চৌহদত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে ৷

বৃহত্তৰ টিংখাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ হৃদপিণ্ড স্বৰূপ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰিছিল 1946 চনত ৷ সেই সময়ৰ বহু কেইজন আলোকসন্ধানী ব্যক্তিৰ অলেখ কষ্ট আৰু ত্যাগৰ বিনিময়ত গঢ় লৈ উঠা বিদ্যালয়খনে সগৌৰৱে অতিবাহিত কৰিলে 75 টা বৰ্ষ ৷ এনে গৌৰৱময় ক্ষণত বিদ্যালয়খনে 4 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে মহাৰজত জয়ন্তী সমাৰোহ ৷ যাৰবাবে এতিয়া টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌদিশে সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিবেশৰ ৷

পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে বৰ্ণাঢ্য সামৰণি অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ হয় ৷ মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী বিমল বড়াই ৷ বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ অশোক গগৈয়ে ৷ অন্য 74 খন পতাকা উত্তোলন কৰে টিংখাঙৰ বিভিন্ন ক্ষেত্ৰৰ 74 গৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ অনুষ্ঠানত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰা মাৰ্চ-পাষ্ট কাৰ্যসূচীৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই ৷

অনুষ্ঠানৰ আটাইকেইটা দিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ সমূহ ন-পুৰণি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী, অভিভাৱক তথা শিক্ষানুৰাগী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষ তথা উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : বিশিষ্ট শিল্পী ভৱেশ গোস্বামীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ ডিব্ৰুগড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.