ডিব্ৰুগড়, ৩০ মে': ডিব্ৰুগড় চহৰৰ বাণীপুৰ এলেকাৰ ৰাইজে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক প্ৰদান কৰে এক ৰাজহুৱা অভিযোগ । অভিযোগ অনুসৰি, বাণীপুৰ ৰে'লৱে ষ্টেচনৰ পিচফালে জমা হৈ থকা প্লাষ্টিকৰ আৱৰ্জনাৰ ফলত জল নিষ্কাশন ব্যৱস্থা ব্যাপকভাৱে প্ৰভাৱিত হৈছে । এক কদৰ্যময় পৰিৱেশ বিৰাজ কৰিছে দাঁতিকাষৰীয়া অঞ্চলটোত ।

অভিযোগৰ পিচতে এক চৰজমিন তদন্ত কৰি অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰে ৰে'ল কৰ্তৃপক্ষক অনতিপলমে এই আৱৰ্জনা সমূহ পৰিষ্কাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিচতে ডিব্ৰুগড় পৌৰসভা আৰু ৰে'ল বিভাগৰ দলে সম্প্ৰতি নলাসমূহ পৰিষ্কাৰ কৰা দেখা গৈছে ।
