ETV Bharat / state

খোৱাং গাঁও পঞ্চায়ত স্থানান্তৰিতকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - খোৱাং গাঁও পঞ্চায়ত স্থানান্তৰিতকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

খোৱাং গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ । খোৱাং গাঁও পঞ্চায়ত স্থানান্তৰিত কৰিব বিচৰাত তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ ।

খোৱাং গাঁও পঞ্চায়ত
খোৱাং গাঁও পঞ্চায়ত
author img

By

Published : Dec 24, 2020, 7:43 PM IST

ডিব্ৰুগড়, ২৪ ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে একাংশ ৰাইজ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সকলো দিশৰ পৰা সুবিধা থকা স্থানত অৱস্থিত গাঁও পঞ্চায়তৰ কাৰ্যালয়টো । কোনো ধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত নকৰাকৈ বা তেনেধৰণৰ কোনো ৰাজহুৱা জাননী জাৰি নকৰাকৈ গোপনে এই কাৰ্যালয়টো বোকাহোলা গাঁৱলৈ স্থানান্তৰিত কৰিব বিচৰাত উত্তেজিত হৈ পৰে খোৱাং গাঁও পঞ্চায়তবাসী । ৰাইজে কোনো কাৰণতে পঞ্চায়তৰ কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

ইফালে বুধবাৰে কাৰ্যালয়টোত চৰকাৰী কামৰ বাবে পঞ্চায়তৰ সভানেত্ৰী আৰু সচিব এজনো উপস্থিত নথকাত ৰাইজ অধিক উত্তেজিত হৈ পৰে। সভানেত্ৰী গৰাকী‌য়ে গোপনে কিয় এনে কাৰ্যত লিপ্ত হৈছে আৰু ইয়াৰ উত্তৰ ৰাইজক দিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে ৰাইজে । উল্লেখ্য যে, বহু বছৰ পূৰ্বে চৰকাৰীভাৱে মোটা অংকৰ ধন খৰচ কৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়টো খোৱাঙৰ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত খোৱাং সোনোৱাল বঙালী গাঁৱত নিমাৰ্ণ কৰা হৈছিল ।

লগতে পঢ়ক: হাতী-মানুহৰ সংঘাতঃ ৰাজ্যত মৃত্যু 113 টা হাতীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.