ETV Bharat / state

শান্তি সদ্ভাৱনা যাত্ৰাত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

সদ্যপ্ৰয়াত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত 8 ডিচেম্বৰৰ পৰা আৰম্ভ সদ্ভাৱনা যাত্ৰা ৷ উজনি অসমৰ মৰাণতো প্ৰয়াত গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ শান্তি সদ্ভাৱনা সৃষ্টিয়েই এই যাত্ৰাৰ মুখ্য উদ্দেশ্য বুলি মন্তব্য প্ৰয়াত গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ ৷

shanti sadvabana yatra in memory of tarun gogoi
শান্তি সদ্ভাৱনা যাত্ৰাত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি
author img

By

Published : Dec 13, 2020, 2:14 PM IST

মৰাণ, 13 ডিচেম্বৰ: তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত সদ্য প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত 8 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে শান্তি সদ্ভাৱনা যাত্ৰা ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অস্থি লৈ সমগ্ৰ অসমজুৰি হোৱা এই যাত্ৰাত সকলোতে প্ৰিয় নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজৰ মাজত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ৷ অসমৰ ভিন্ন ঠাইত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে প্ৰিয় নেতা গৰাকীক অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধা নিবেদন কৰে ৷

সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

শুকুৰবাৰে উজনি অসমৰ মৰাণত অনুষ্ঠিত হোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে কয় যে শান্তি আৰু সদ্ভাৱনাই হৈছে এই যাত্ৰাৰ মুখ্য উদ্দেশ্য ৷ তেওঁ কয় যে উক্ত উদ্দেশ্য আগত ৰাখিয়েই সমগ্ৰ অসমত প্ৰয়াত গগৈৰ অস্থি লৈ ভ্ৰমণ কৰা হৈছে ৷

লগতে পঢ়ক:বিটিচি নিৰ্বাচন : নিৰংকুশ সংখ্যা গৰিষ্ঠতা নাপালে কোনো দলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.