ETV Bharat / state

Flies terror in Dibrugarh: মাখিৰ সন্ত্ৰাসত ভুগিছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ জনসাধাৰণে - People of an area are suffering from a fly terror

মাখিৰ সন্ত্ৰাসত ভুগিছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ জনসাধাৰণ (Flies terror in Dibrugarh) ৷ যাৰ ফলত আঁঠুৱাৰ তলত খাদ্যগ্ৰহণ কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে । জাবৰ নিষ্কাশন প্ৰকল্পই মাতিছে ভয়াৱহ বিপদ ৷

Flies terror in Dibrugarh
মাখিৰ সন্ত্ৰাস
author img

By

Published : Jan 28, 2023, 2:26 PM IST

মাখিৰ সন্ত্ৰাস

ডিব্ৰুগড়, 28 জানুৱাৰী: দাক্ষিণাত্যৰ ছবি "Makkhi" হয়তো সকলোৱে চাইছে ৷ য’ত এটা মাখিয়ে এজন ব্যক্তিৰ জীৱনত ব্যাপক ৰূপে উত্থান পতন ঘটনাই ৷ তেনে এটা ঘটনাই এইবাৰ সংঘটিত হৈছে অসমত ৷ কিন্তু এয়া কোনো ছবিত সংঘটিত হোৱা নাই বৰঞ্চ বাস্তৱতা হে সংঘটিত হৈছে ৷ এটা নহয়, দুটা নহয়, হাজাৰ হাজাৰ মাখিৰ অত্যাচাৰত অতিষ্ঠ হৈছে এটা অঞ্চলৰ ৰাইজ ৷

আঁঠুৱাৰ তলত খাদ্যগ্ৰহণ কৰিব লগা হৈছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ ৰাইজে । বাহিৰা মানুহে মাছ- মাংস, ফলমূল, চাহ মিঠাই ক্ৰয় নকৰা এখন বজাৰ (Flies terror in Dibrugarh)। সকাম- নিকাম, উৎসৱ-পাৰ্বনতো নকৰে প্ৰসাদ কিম্বা খাদ্য গ্ৰহণ । আলহি আহিবলৈ এৰিছে অঞ্চলটোলৈ । সেই নিৰ্দিষ্ট অঞ্চলৰ স্কুলতো ল’ৰা-ছোৱালীক পঢ়াব নোখোজে আন ঠাইৰ মানুহে । ক্ৰমাৎ যেন নিষিদ্ধ অঞ্চলত পৰিণত হৈছে এই অঞ্চলটো । এই নিৰ্দিষ্ট অঞ্চলটো আছে ডিব্ৰুগড়ত ।

ডিব্ৰুগড়ৰ ''লেকাই ঠাকুৰথান'' পূতগন্ধিময় লেতেৰা ঠাই বুলি এতিয়া নাক কোচোৱা হৈছে সকলোৱে । কাৰণ ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা বহুমুখী জাবৰ নিষ্কাশন প্ৰকল্পই মাতিছে ভয়াৱহ বিপদ । লেকাই, ঠাকুৰথান আৰু চেঁচাৰ বৃহত্তৰ অঞ্চললৈ কঢ়িয়াই আনিছে অশনি সংকেত । প্ৰকল্পটোৰ বৃহৎ বৃহৎ জাৱৰ দমত উৎপন্ন জাক জাক ভেনা মাখিৰ সন্ত্ৰাসত ত্ৰাহি মধুসূদন দেখিছে অঞ্চলবাসীয়ে ।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ পৰা দৈনিক ওলোৱা জাৱৰ নিষ্কাশনৰ বাবে ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা হৈছে এই প্ৰকল্পটো। প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতে প্ৰকল্পটোত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ পৰিণতিতে জাবৰৰ দমৰ পৰা উৎপন্ন হৈছে জাক জাক মাখি ।

জাবৰৰ পৰা কোনো বীজাণু বা পোক, পৰুৱা, মাখি আদিৰ সংখ্যা বৃদ্ধি নাপায় তাৰ বাবে বীজাণু নাশক দ্ৰব্য স্প্ৰে কৰিব লাগে যদিও সেয়া নকৰাৰ পৰিণতিত এতিয়া বিস্তৃত অঞ্চলত মাখিয়ে ছানি ধৰিছে । মানুহে খাদ্য গ্ৰহণ কৰে আঁঠুৱাৰ তলত। দিনতে দুৱাৰ খিৰিকি মাৰি থ’বলগীয়া হৈছে অঞ্চলবাসীয়ে । স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে দুপৰীয়াৰ খাদ্য গ্ৰহণতো আহিছে বাধা । লেকাই ঠাকুৰথান বজাৰৰ পৰা খাদ্যসামগ্ৰী ক্ৰয় নকৰে কোনো বাহিৰা মানুহে ।

কাৰণ খাদ্যবস্তুৰ ওপৰত পৰি থাকে জাক জাক মাখি । স্থানীয় ৰাইজে প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে মাখি মৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনাই আহিছে । ইয়াৰ পুৰ্বে ৰাইজে এই সমস্যাৰ বাবে মাৰ বান্ধি ওলাই আহিছিল । জাৱৰ নিষ্কাশনৰ প্ৰকল্পটো সু- পৰিকল্পিত কৰাৰ আশ্বাস দিছিল প্ৰশাসনে । কিন্তু কাৰ্যতঃ হৈ নুঠাত পুনৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

এতিয়া প্ৰশ্ন হয় ৰাইজৰ আহ্বানৰ প্ৰতি গুৰুত্ব দিব নে বিভাগীয় কৰ্তৃপক্ষই ? নে এনেকৈ মাখিৰ সৈতে জীৱন নিৰ্বাস কৰিব এই অঞ্চলৰ ৰাইজে ?

লগতে পঢ়ক: Road Accident at Rangia: ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত ২, ৰাইজে জ্বলালে ডাম্পাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.