ETV Bharat / state

108 Mrityunjoy: টিংখাঙৰ ৰাজগড়ত নিশা 108 মৃত্যুঞ্জয় সেৱাত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু

author img

By

Published : Jul 1, 2023, 10:14 AM IST

টিংখাঙৰ ৰাজগড়ত নিশা 108 মৃত্যুঞ্জয় সেৱাত অক্সিজেনৰ অভাৱত এজন ৰোগীৰ মৃত্যু ৷ 108 সেৱাৰ কৰ্মচাৰীৰ গাফিলতি আৰু এম্বুলেঞ্চত অক্সিজেন নথকাৰ অভিযোগ মৃতকৰ আত্মীয়ৰ লগতে স্থানীয় লোকৰ ৷

Patient dies due to lack of oxygen
108 সেৱাৰ কৰ্মচাৰীৰ গাফিলতি
অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু

ডিব্ৰুগড়, 1 জুলাই: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি ঢাক-ঢোল বজাই চৰকাৰে ৰঙীন বিজ্ঞাপন প্ৰকাশ কৰাৰ সময়তে টিংখাঙৰ ৰাজগড়ত নিশা 108 মৃত্যুঞ্জয় সেৱাত অক্সিজেনৰ অভাৱত এজন ৰোগীৰ মৃত্যু হয় ৷ টিংখাঙৰ ৰাজগড়ত এনেদৰে এজন যুৱ ব্যৱসায়ীৰ আকস্মিক মৃত্যুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

108 সেৱাৰ কৰ্মচাৰীৰ গাফিলতি আৰু এম্বুলেঞ্চত অক্সিজেন নথকাৰ অভিযোগ মৃতকৰ আত্মীয়ৰ লগতে স্থানীয় লোকৰ ৷ শুকুৰবাৰে সন্ধিয়া টিংখাং ৰাজগড়ৰ ব্যৱসায়ী দীপক পাণ্ডে নামৰ ব্যক্তিজন হঠাৎ অসুস্থ হৈ পৰাত তেওঁক ততাতৈয়াকৈ স্থানীয় ৰাজগড় সামূহিক চিকিৎসালয়লৈ লৈ অনা হয় ৷

ৰাজগড় সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পাছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অক্সিজেনৰ সহায়ত ডিব্ৰুগড়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়াই ৰোগীজনক ৷ ৰোগীৰ আত্মীয়ই 108 সেৱালৈ ফোন কৰাত টিংখাঙৰ লেঙেৰী চিকিৎসালয়ৰ পৰা এখন 108 সেৱাৰ এম্বুলেঞ্চ অহাত ৰোগীজনক এম্বুলেঞ্চত তোলাৰ পাছত অক্সিজেন লগাবলৈ এম্বুলেঞ্চ খনত অক্সিজেন মাস্ক নথকাৰ অভিযোগ কৰে পৰিয়ালে ৷ তদুপৰি এম্বুলেঞ্চত অক্সিজেন নথকাৰো অভিযোগ কৰে ৰোগীৰ আত্মীয়ই ৷

লগতে পঢ়ক : Assam flood update: বানৰ প্ৰভাৱ হ্ৰাস পালেও সীমাহীন দুখ-দুৰ্গতিৰ মাজত বানাক্ৰান্ত ৰাইজ

পুনৰ ৰোগীজনক 108 ৰ পৰা নমাই আনি ৰাজগড় চিকিৎসালয়ত ভৰ্তি কৰাই অক্সিজেন লগাবলৈ লয় যদিও ইতিমধ্যে ৰোগীজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে পৰিয়ালৰ লোকক অৱগত কৰে ৷ ৰোগীজনৰ মৃত্যু হোৱাত লক্ষণীয়ভাৱে 108 সেৱাৰ কৰ্মচাৰী কেইজনে এম্বুলেঞ্চখনৰ বিচনা চিকিৎসালয়তে এৰি পলায়ন কৰে বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজগড় সামূহিক চিকিৎসালয়ৰ চৌহদত ৷ এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় দল-সংগঠন তথা ৰাইজে ৷ এজন যুৱ ব্যৱসায়ীৰ অকাল মৃত্যুৱে এতিয়া ৰাজগড়ত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : National Doctor's Day: কিয় আজিৰ দিনটোতে সমগ্ৰ দেশতে পালিত হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, কাৰণ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.