ডিব্ৰুগড়, 20 আগষ্ট : ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদে 'কৰ্মসৈনিক-২০২০' বঁটাৰে সন্মানিত কৰে ৷ বিগত সময়চোৱাত ক'ভিডকে ধৰি অতি জটিল পৰিস্থিতিৰ মাজতো প্ৰশাসনিক দিশৰ পৰা ডিব্ৰুগড় জিলাখনক সবল নেতৃত্বৰে আগবঢ়াই নি অহোপুৰুষাৰ্থ কৰা উপায়ুক্ত ঝাক তেখেতৰ নিস্বাৰ্থ সেৱাৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা এই বঁটা আগবঢ়োৱা হয় ৷
![pallav gopal jha achived Karmasainik 2020 award](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dib-810to815-award-to-dc-dibrugarh-7203913_20082020182044_2008f_1597927844_304.jpg)
উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত উপায়ুক্ত ঝাক বঁটাটি প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে ৷ বঁটাটিৰ সৈতে আছে এখন শৰাই ,স্মাৰক, গামোচা আৰু অংগবস্ত্ৰ ৷
লগতে পঢ়ক : কলিয়াবৰৰ শিশু বিদ্যাপীঠৰ অনলাইন পাঠদানলৈ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সহাৰি