ETV Bharat / state

Jadav Payeng at Bogibeel : বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ অৰণ্য মানৱ যাদৱ পায়েং - Padmashri Jadav Payeng reacts on river dam

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ অৰণ্য মানৱ যাদৱ পায়েং(Jadav Payeng against big dam) ৷ বগীবিলৰ এক অনুষ্ঠানত অংশগ্ৰহণ অৰণ্য মানৱগৰাকীৰ ৷

Padmashri Jadav Payeng reacts on river dam
Jadav Payeng at Bogibeel: অসমত গছ ৰুব নালাগে-অৰণ্য মানৱ যাদৱ পায়েং
author img

By

Published : Oct 15, 2022, 1:23 PM IST

মৰাণ,15 অক্টোবৰ: অসমত গছ ৰুব নালাগে, গছ কাটিবও নালাগে গছ নিজে গজিব- এই মন্তব্য পদ্মশ্ৰী যাদৱ পায়েঙৰ ৷ বগীবিলৰ উত্তৰ পাৰত অৱস্থিত জংকী পানৈ ৰিজৰ্টত শুকুৰবাৰে গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে পদ্মশ্ৰী যাদৱ পায়েঙে । পৰিৱেশ সংৰক্ষণৰ লগতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অৰণ্য মানৱ যাদৱ পায়েং (Jadav Payeng reacts on river dam)।

বৃহৎ নদীবান্ধে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে । উত্তৰ পূৰ্বাঞ্চলত নদীবান্ধৰ কোনো প্ৰয়োজন নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অৰণ্য মানৱগৰাকীয়ে । নদীবান্ধৰ নেতিবাচক দিশবোৰৰ সন্দৰ্ভত ক’বলৈ গৈ পায়েঙে কয় যে নদীবান্ধ নিৰ্মাণৰ ফলত গছ-গছনিও কাটিবলগীয়া হয় আৰু ইয়েই কোমল কৰি পেলায় পাহাৰৰ মাটি । যাৰ ফল ভোগ কৰে সৰ্বসাধাৰণে ।

শেহতীয়াভাবে নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফলত ইতিমধ্যে অভাৱনীয় সমস্যাৰ সন্মুখীন হবলগীয়াত পৰিছে ৰাইজ(Lower Subansiri hydropower project) । অৰুণাচলৰ দুইমুখৰ ইয়াডলিৰ নদীবান্ধ প্ৰকল্পটোৰ বাবে ৩০ কিলোমিটাৰ দূৰত্বলৈকে পানীৰ অভাৱৰ সৃষ্টি হৈছে । উত্তৰ- পূৱত এশ বছৰৰ পিছত পানীৰ অভাৱ ঘটিব বুলি উল্লেখ কৰি পায়েঙে পুনৰ কয় যে, গছ- গছনি ৰুইহে পানীৰ ব্যৱস্থা কৰিব লাগে ।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ অৰণ্য মানৱ যাদৱ পায়েং

আহোম ৰাজত্বকালত শিৱসাগৰত ঘৰে ঘৰে পুখুৰী খন্দা হৈছিল। এতিয়া পুখুৰী খান্দি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব। গছ ৰুব নালাগে, গছ কাটিবও নালাগে । গছ নিজে গজিব- বুলি পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন হ'বলৈ ৰাইজলৈ আহ্বান জনায় তেওঁ (Padmashri Jadav Payeng) ৷ ৰাজ্যত হৈ থকা প্ৰৱল গৰাখহনীয়া প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অৰণ্য মানৱ যাদৱ পায়েঙে । মকাল বাঁহ ৰুলে নদীৰ গৰাখহনীয়া ৰোধ কৰিব পাৰি বুলি কয় অৰণ্য মানৱগৰাকীয়ে(Erosion in Assam) ।

লগতে, পাৰ্কুপাইনৰ পৰিৱৰ্তে নদীৰ দুয়োপাৰে দুশ মিটাৰ অন্তৰে অন্তৰে মকাল বাঁহ ৰোৱাৰ পৰামৰ্শ আগবঢ়ায় পায়েঙে । ছটাইত হোৱা গৱেষণাত এই কথা প্ৰমাণিত হৈছে বুলি জানিবলৈ দিয়ে যাদৱ পায়েঙে ।

আমাজনত বিথিকা বনে নদীৰ খহনীয়া নিয়ন্ত্ৰণ কৰিছে বুলি উল্লেখ কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত নদীসমূহৰ খৰস্ৰোতা বৃদ্ধি পাইছে বুলি কয় অৰণ্য মানৱগৰাকীয়ে । প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে ৰাজ্যবাসীলৈ আহ্বান জনাই পায়েঙে আৰু কয় যে, অসমৰ বেছি মাটি নাই ৷ ব্ৰহ্মপুত্ৰত ৪ ভাগৰ তিনি অংশ চৰচাপৰি আছে । সেইবিলাক সেউজীকৰণ কৰিব লাগিব । কাৰণ এদিন গাঁওবিলাক নগৰ হ'ব ।

জনসংখ্যা প্ৰতিদিনেই বৃদ্ধি হৈছে যদিও মাটিৰ পৰিমাণ বৃদ্ধি পোৱা নাই । দহফুট তললৈ শিপাই থকা বিথিকা বন পুলি বিদেশৰ পৰা ইতিমধ্যে অনা হৈছে আৰু মুলাই কাঠনিত ৰুই পৰীক্ষণ সম্পন্ন কৰাৰ পাছত অসমৰ প্ৰতিটো চৰ চাপৰিত বিথিকা বন ৰুই ব্ৰহ্মপুত্ৰক সেউজী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি পায়েঙে কয় ।

অনুষ্ঠানটোত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জহান দলে, প্ৰশান্ত বড়ি আদিকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Z Plus security: মুখ্যমন্ত্ৰীৰ জেড প্লাছ নিৰাপত্তাক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ শাসক পক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.