মৰাণ 24 এপ্ৰিলঃ সমগ্র বিশ্ব ক'ৰণা ভাইৰাছৰ কবলত,দেশত লক ডাউনৰ ফলত প্ৰতিজন লোক গৃহবন্দী । যাৰ ফলত সৰ্বাতোকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্র-ছাত্ৰী সকল। দীঘলীয়া লক ডাউনত গৃহবন্দী আমাৰ অধ্যয়নৰত ছাত্র-ছাত্ৰী সকলে শিক্ষা গ্রহণ কৰাত সমস্যাত পৰাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ,ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ সুবিধাৰ্থে ডিমৌ চায়েঞ্চ একাডেমীৰ পৰিচালন সঞ্চালক জয়দীপ গগৈয়ে অনলাইন যোগেদি শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ত পাঠদান দিছে।
তেওঁ এই পৰ্যন্ত ৭ টা অনলাইন লাইভ কেৰিয়াৰ গাইড অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত অসমৰ তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত গাইড হিচাপে উপস্থিত থাকে আমেৰিকা,লণ্ডন,জাৰ্মানী,দক্ষিণ কোৰিয়া,ছিংগাপুৰ,টাইৱান আৰু বিশ্বৰ বহুকেইখন দেশত গৱেষণাৰত অসমৰ বিশিষ্ট বিজ্ঞানী,গৱেষক আৰু অভিযন্তাসকলে। জয়দীপ গগৈৰ মতে এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে অসম আৰু ভাৰতৰ বাহিৰত পঢ়িবলৈ কেনেধৰণেৰে আগবাঢ়ি যাব লাগিব তাৰ সঠিক জ্ঞান দিয়া। ইয়াৰোপৰি তেখেতে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ইউটিউব চেনেল "লাৰ্ন উইথ জয়"ৰ যোগেদি অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে "কুইকাৰ মেথচ"ৰ ভিডিঅ' যোগান ধৰিছে।
লগতে চাঁওকঃ টীয়কত চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত শ্ৰমিক