নাহৰকটীয়া, 20 মাৰ্চঃ অইল ইণ্ডিয়াৰ দৰে উচ্চ নিৰিখৰ দৰমহা আদায় পোৱাৰ পাছতো প্ৰতিষ্ঠানটোৰ একাংশ শ্ৰমিক কৰ্মচাৰীয়ে অনৈতিকভাৱে উপাৰ্জন কৰাৰ আশাত চৌৰ্যবৃত্তি চলাই খোদ উদ্যোগটোৰ ভিতৰ চ’ৰাতে ৷ এনেকৈ দীৰ্ঘদিনৰ পৰা চৌৰ্য কাৰ্যত লিপ্ত হৈ তৈল প্ৰতিষ্ঠানটোৰ ক্ষতি সাধন কৰা এগৰাকী কৰ্মচাৰীৰ লগতে এজন হোমগাৰ্ডো বৃহস্পতিবাৰে নিশা আটক কৰে নাহৰকটীয়া আৰক্ষীয়ে ৷
নাহৰকটীয়া আৰক্ষী থানা এলেকাৰ "চাউথ বেংক" বুলি পৰিচিত অইল ইণ্ডিয়াৰ উদ্যোগস্থলীৰ ভিতৰৰ গেছ কম্প্ৰেছৰ চৌহদৰ পৰা চুৰি তেল আৰু মূল্যবান ভাল্ভ সহ আটক কৰা হয় অভিযুক্ত দুজনক ৷ ইয়াৰে এজনক অইল ইণ্ডিয়াৰ সহকাৰী অপাৰেটৰ নিৰ্মল ফুকন আৰু হোমগাৰ্ডজন পৰশমণি ডেকা বুলি জানিব পৰা গৈছে ৷ লক্ষ্যণীয় যে দীৰ্ঘদিনৰ পৰা চাউথ বেংকত হৈ থকা চুুুুৰিৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে অইল ইণ্ডিয়াৰ তৰফৰ পৰাই আৰক্ষীক অৱগত কৰোৱা হৈছিল ৷
লগতে পঢ়কঃ মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী
ইফালে আটকাধীন দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ আধাৰত আৰক্ষীয়ে শুকুৰবাৰে মুকল নেওগ নামৰ আন এগৰাকী কৰ্মচাৰী আৰু হোমগাৰ্ড দেৱেশ মাহালীক আটক কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১ ধাৰা আৰ ৱলিউ চেক্টন ৩(২)(বি) পিডিপিপি এক্ট ১৯৮৪ ৰ অধীনত ৬৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷