ডিব্ৰুগড়, 26 মে’ : ডিব্ৰুগড়ৰ আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো ক’ভিড টিকাকৰণ কেন্দ্ৰ আৰম্ভ হয় । ডিব্ৰুগড়ৰ মানকটা পথৰ কাষত থকা আদিত্য পলি ক্লিনিকত এই কেন্দ্ৰটোৰ শুভাৰম্ভ কৰা হয় ৷ এই শুভাৰম্ভ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, লেখক সাহিত্যিক তথা বিশিষ্ট চিকিৎস ও আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালৰ পৰিচালনা সঞ্চালক ডাঃ নিৰ্মল চাহেৱালা উপস্থিত থাকে ৷
টিকাকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত নিৰ্মল চাহেৱালাই কয় যে " চৰকাৰে অকলে টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাতো সম্ভৱ নহয়, ইয়াৰ বাবে স্বেচ্ছাসেৱী সংগঠন, ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আদি আগবাঢ়ি আহিব লাগিব । সেয়ে আদিত্য ডায়গ'নেষ্টিক এণ্ড হাস্পতালে টিকাকৰণ প্ৰক্ৰিয়াত সহযোগ আগবঢ়োৱাৰ মানসেৰে আগবাঢ়ি আহিছে ।"
ইতিমধ্যে আদিত্য হাস্পতালে আৰম্ভ কৰিছে পুণেৰ চিৰাম ইনষ্টিটিউটৰ পৰা অহা ১৫০০০ টা ক'ভিড প্ৰতিষেধকৰ প্ৰদান কাৰ্যসূচী । আনহাতে এই প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জিলা ন'ডেল বিষয়া ডাঃ নৱজ্যোতি গগৈ সহ জিলা টিকাকৰণ বিষয়া বিশ্বজিত বৰুৱা । ইফালে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কৃষ্ণা কেম্পাই আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া ডাঃ পল্লবীয়ে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰসংশনীয় বুলি উল্লেখ কৰে ।
লগতে পঢ়ক : মিজোৰামত এই পৰ্যন্ত কিমান লোকে গ্ৰহণ কৰিছে ক’ভিডৰ প্ৰতিষেধক ?