ETV Bharat / state

বানবিধ্বস্ত বিনপতি গাঁৱৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ

author img

By

Published : Nov 5, 2020, 1:18 PM IST

মৰাণ সমষ্টিৰ বগীবিল গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বিনপতি গাওঁৰ ৰাইজক স্পৰ্শ কৰিব পৰা নাই উন্নয়নে ৷ শিক্ষা,স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ ৰাইজে ৷ বছৰৰ প্ৰায় ৭ মাহে পানীৰে ভৰি থকা গাঁওখনলৈ নাহে কোনো জনপ্ৰতিনিধি ৷

NO DEVELOPMENT IN MORAN
বানবিধ্বস্ত বিনপতি গাঁৱৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ

মৰাণ,5নৱেম্বৰ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে দিন-ৰাতি একাকাৰ কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত | তাৰ মাজতে মৰাণ সমষ্টিৰ বগীবিল গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বিনপতি গাঁৱৰ ৰাইজক পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰ দিনত উন্নয়নে স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল ৷ বানবিধ্বস্ত বিনপতি গাঁৱৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ ৷ গাঁৱৰ মহিলা সকলে সংবাদ মাধ্যমৰ জৰিয়তে জনপ্ৰতিনিধিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

উল্লেখ্য যে বানবিধ্বস্ত বিনপতি গাঁৱৰ বহু পৰিয়ালক দৰিদ্ৰতাই কোঙা কৰিছে । বছৰৰ প্ৰায় ৭ মাহে পানীৰে ভৰি থকা গাঁওখনৰ ঘৰবোৰৰ অৱস্থা অতি শোচনীয়,গাঁওখনলৈ নাহে কোনো জনপ্ৰতিনিধি। শিক্ষা,স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ ৰাইজে ৷ এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে বগীবিল গাঁও পঞ্চায়তৰ কাৰ্যালয়ত কামৰ বাবে গ'লে পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বগীবিল গাঁও পঞ্চায়তৰ বিনপতী গাঁৱৰ ৰাইজে । সততে উন্নয়নৰ কথা কৈ থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ সময় হ'বনে এই সকল দৰিদ্ৰ ৰাইজৰ সমস্যা বুজ ল'বলৈ ।

লগতে পঢ়ক: বিজেপিয়ে হিন্দু বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছেঃ হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.