মৰাণ, 18 জুন : ক'ভিড (Covid 19)ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা (SOP) অনুসৰি উজনিৰ চৰাইদেউ জিলাত আবেলি ৪ বজালৈ দোকান-পোহাৰ খোলাৰ নিৰ্দেশ দিছিল । ফলত চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া মৰাণত চৰাইদেউ জিলা অংশৰ দোকান-পোহাৰ খোলা ৰাখিছে ৷ আনহাতে ডিব্ৰুগড় জিলাৰ অংশৰ দোকান পোহাৰ সমূহ দিনৰ ১২ টা বজাতে বন্ধ হৈ পৰে ।
কিন্তু এই নিৰ্দেশনাক লৈ মৰাণত সৃষ্টি হৈছিল বিশৃংখল পৰিৱেশৰ ৷ এই নিৰ্দেশনা (SOP) প্ৰয়োগ কৰা দুটা দিনৰ পাচতে চৰাইদেউ জিলা প্ৰশাসনে পুনৰ জাৰি কৰে এক নতুন নিৰ্দেশনা ৷ নতুন নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা পুনৰ মৰাণ নগৰ সমিতি আৰু চেপন টাউনৰ পৰা ২ কিলোমিটাৰ ভিতৰৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান দিনৰ ১২ বজাত বন্ধ কৰিব লাগিব । লগতে বিয়লি ১ বজাৰ পৰা পুৱা ৫ বজালৈ বাহিৰত চলা-ফুৰা কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে ।
লগতে পঢ়ক : কৰ সংগ্ৰহ কম হোৱাৰ বাবে নিলম্বিত হ’ল পৰিবহন বিষয়া