ETV Bharat / state

ডিব্ৰুগড়ত কলাক্ষেত্ৰৰ নতুন কেম্পাছৰ ভূমি পৰিদৰ্শন কৰিলে স্থানীয় বিধায়কে - WILL_SET_UP

বৃহস্পতিবাৰে ডিব্ৰুগড়ত স্থাপন কৰিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন কেম্পাছৰ ভূমি পৰিদৰ্শন কৰিলে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই । বিধায়কগৰাকীৰ লগতে ভূমি পৰিদৰ্শন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'ছাইটিৰ সচিব সুদৰ্শন ঠাকুৰ, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা আৰু কেইবাগৰাকীও বিষয়াই ।

ডিব্ৰুগড়ত কলাক্ষেত্ৰৰ নতুন কেম্পাছৰ ভূমি পৰিদৰ্শন কৰিলে স্থানীয় বিধায়কে

author img

By

Published : Dec 3, 2020, 7:35 PM IST

মৰাণ, ৩ ডিচেম্বৰ: মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'ছাইটিৰ অধ্যক্ষ সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ কাৰ্যবাহী পৰিষদৰ সভাত হোৱা সিদ্ধান্ত মৰ্মে ডিব্ৰুগড়ত কলাক্ষেত্ৰৰ নতুন কেম্পাছ স্থাপন কৰা হ'ব ৷

ডিব্ৰুগড়ত কলাক্ষেত্ৰৰ নতুন কেম্পাছৰ ভূমি পৰিদৰ্শন কৰিলে স্থানীয় বিধায়কে
ডিব্ৰুগড়ত কলাক্ষেত্ৰৰ নতুন কেম্পাছৰ ভূমি পৰিদৰ্শন কৰিলে স্থানীয় বিধায়কে

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ স্বৰূপে ডিব্ৰুগড় জিলাত কলাক্ষেত্ৰৰ এটি নতুন কেম্পাছ স্থাপনৰ বাবে উপযুক্ত ভূমি চিনাক্তকৰণৰ বাবে আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত এই কামত ব্যৱহাৰ কৰিব পৰাকৈ থকা ভূমিসমূহ পৰিদৰ্শন কৰে ৷

লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত এটা দলে ভূমি পৰিদৰ্শন কৰে ৷

নতুন কেম্পাছ স্থাপনৰ বাবে ভূমি পৰিদৰ্শনকাৰী দলটোত আছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'ছাইটিৰ সচিব সুদৰ্শন ঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা আৰু অন্যান্য বিষয়াসকল ।

উপযুক্ত ভূমি চিনাক্ত কৰি শীঘ্ৰেই নতুন কেম্পাছ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বিভাগীয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:নাহৰকটীয়াত ভয়ানক অগ্নিকাণ্ডই চাৰখাৰ কৰিলে বহু বিঘা পকা ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.