ETV Bharat / state

New Assamese film based on Sati Sadhani : শীঘ্ৰে সতী সাধনীক লৈ নিৰ্মাণ হ’ব ‘‘বীৰাংগনা সাধনী’’ শীৰ্ষক ছবি - চুতীয়া জনগোষ্ঠীসকলৰ ৰাণী সতী সাধনী

বিশ্বজিৎ বৰাৰ পৰিচালনাৰে সতী সাধনীক লৈ নিৰ্মাণ হ'ব ‘‘বীৰাংগনা সাধনী’’ শীৰ্ষক ছবি (Director Biswajit Bora to direct a film on queen Sati Sadhani) ৷ গুৱাহাটীৰ পাচতেই ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে অভিনেতা-অভিনেত্ৰীৰ বাছনি অনুষ্ঠান ৷

Director Biswajit Bora to direct a film on queen Sati Sadhani
বীৰাংগনা সাধনীৰ বাবে অভিনেতা-অভিনেত্ৰীৰ বাচনি
author img

By

Published : Mar 7, 2023, 10:42 PM IST

বীৰাংগনা সাধনীৰ বাবে অভিনেতা-অভিনেত্ৰীৰ বাচনি

ডিব্ৰুগড়, 7 মাৰ্চ : ৰাজ্যত শীঘ্ৰেই ঐতিহাসিক পটভূমিক লৈ নিৰ্মাণ হ’ব এখন নতুন অসমীয়া ছবি । চুতীয়া জনগোষ্ঠীসকলৰ ৰাণী সতী সাধনীক লৈ ‘‘বীৰাংগনা সাধনী’’ শীৰ্ষক ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছে চুতীয়া উন্নয়ন পৰিষদে (AACSU announced Film on the life of birangana Sati Sadhani)। ইতিমধ্যে এই ছবিখনৰ বাবে অভিনেতা-অভিনেত্ৰীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

গুৱাহাটীৰ পিচতে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ত চুতীয়া ছাত্ৰ সন্থাৰ তত্বাৱধানত ছবিখনৰ অভিনেতা-অভিনেত্ৰীৰ বাছনি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অডিশ্যনত উজনি অসমৰ প্ৰায় 30 গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে । জানিব পৰা মতে, চুতীয়া উন্নয়ন পৰিষদৰ নিবেদনত তথা বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া ছবিখনত (Director Biswajit Bora to direct a film on queen Sati Sadhani) সংগীত পৰিচালনা কৰিব অসমৰ সুযোগ্য সন্তান, বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ।

লগতে পঢ়ক : Rajinikanth 170th Movie : জেলাৰ ছবিখন মুক্তিৰ পূৰ্বে ঘোষণা ৰজনীকান্তৰ ১৭০ সংখ্যক ছবিৰ নাম

আনহাতে, বীৰাংগনা সাধনীয়েই হ’ব অংগৰাগ পাপন মহন্তই সংগীত পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ । ইফালে বলিউডৰ প্ৰখ্যাত চাউণ্ড ডিজাইনাৰ (Sound Designer) অৰুণ নামবিয়াৰে ছবিখনৰ চাউণ্ড ডিজাইনিং কৰিব । বীৰাংগনা সাধনী চলচ্চিত্ৰখনে অসমৰ আটাইতকৈ বেছি ব্যয়বহুল ছবি হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোগতাসকলে ।

উল্লেখযোগ্য যে, বুৰঞ্জীত উল্লেখ থকা অনুসৰি প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ-জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে ৷ তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম হ’ল সতী সাধনী । সতী সাধনী আছিল চুতীয়া ৰাজ্যৰ শেষ ৰাণী ।

অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল একমাত্ৰ জীয়েক আছিল সাধনী । এইগৰাকী বীৰাংগনা সাধনীয়ে দেখাই যোৱা বীৰত্ব আজিও সমাজত বিৰাজ মান । নতুন প্ৰজন্মৰ বীৰাংগনা সাধনীৰ সাহস আৰু বীৰত্ব পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে চুতীয়া উন্নয়ন পৰিষদে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Allu Arjun at Sunburn festival: মঞ্চত উ আন্টাভা গীতত নৃত্য পৰিৱেশন আল্লু অৰ্জুনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.