ETV Bharat / state

ৰাজনৈতিক দলত যোগদান সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে নীল আকাশে

বৃহস্পতিবাৰৰ পৰা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশে শুকুৰবাৰে ১১ বজাত ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ত বিজেপি দলত যোগদান কৰিব বুলি কিছু কিছু সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল । সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে তেওঁৰ অনুৰাগী সকলে শিল্পী জনক সামাজিক মাধ্যমত সমালোচনা কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাছতে নিজৰ স্থিতি স্পষ্ট কৰে শিল্পীজনে ।

author img

By

Published : Aug 28, 2020, 6:53 PM IST

Neel Akash Facebook live
ৰাজনৈতিক দলত যোগদান সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে নীল আকাশে

মৰাণ, ২৮ আগষ্ট: শেহতীয়াকৈ গায়ক-অভিনেতাই ৰাজনৈতিক দলত যোগদান কৰা পৰিলক্ষিত হৈছে । ইয়াকে লৈ সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈকে সকলোতে বিষয়টোৱে সৰব চৰ্চা লাভ কৰিছে ।বৃহস্পতিবাৰৰ পৰা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশে শুকুৰবাৰে ১১ বজাত ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ত বিজেপি দলত যোগদান কৰিব বুলি কিছু কিছু খবৰ ভিন্ন মাধ্যমত প্ৰকাশ হৈছিল । ভিন্ন মাধ্যমত এই বাতৰি প্ৰকাশ হোৱাৰ পাছতে তেওঁৰ অনুৰাগী সকলে শিল্পী জনক সামাজিক মাধ্যমত সমালোচনা কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাছতে নিজৰ স্থিতি স্পষ্ট কৰে শিল্পীজনে ।

শিল্পীজনে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, "দুদিন ধৰি স্বাস্থ্য বেয়া বাবে মৰাণৰ ঘৰত সোমাই আছো । এনে ধৰণৰ মিছা তথ্যৰে বাতৰি প্ৰচাৰ কৰাটো দুৰ্ভাগ্যজনক । মোক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে । বিজেপি দলত যোগদান কৰাৰ মোৰ কোনো অভিপ্ৰায় নাই, পৰিকল্পনাও নাই। যদি কিবা কৰো ৰাইজৰ পৰামৰ্শ লৈয়ে কৰিম। কোনো তথ্য নোহোৱাকৈ এনেকৈ বাতৰি পৰিৱেশন কৰাত অত্যন্ত দুখ পাইছো। গান গাই ভাল পাওঁ, গান গায়েই থাকিম। সমাজৰ বাবে কৰিবলগা কামবোৰ এনেকৈয়ে কৰি যাম। তাৰ বাবে কোনো ৰাজনৈতিক দলত মই যোগদান কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই নাভাবো। কোনোবাই ক’ৰবাত যোগদান কৰিছে তাত মোৰ ব্যক্তিগতভাৱে ক’বলগীয়া একো নাই। আশা কৰিম তেওঁলোকে যি উদ্দেশ্য লৈ গৈছে, সেয়া সমাজৰ বাবে হওক।"

লগতে পঢ়ক : সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ মমিনুল আৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.