ETV Bharat / state

নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ - AASU UNIQUE PROTEST

নামৰূপত চৰকাৰৰ সুমতি বিচাৰি নাম-কীৰ্ত্তন কৰিলে আছুৱে  ৷ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি পথৰ দাঁতিত গুৱা-পাণ, শৰাই নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত সুমতি বিচাৰিলে নামৰূপ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷

নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ
author img

By

Published : Aug 14, 2019, 8:07 AM IST

নামৰূপ,14 আগষ্ট: নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ ৷ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি পথৰ দাঁতিত গুৱা পাণ, শৰাই নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত সুমতি বিচাৰিলে নামৰূপ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে নামৰূপ টিংখাং সংযোগী মূল পথটো ৷ জৰাজীৰ্ণ এই পথটোৱেদি আহ-যাহ কৰাৰ ফলত দুৰ্ভোগ ভূগিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে ৷ গাঁৱৰ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ বাবে কাকুতি মিনতি কৰি আহিছিল যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগটোৱে ৷ যাৰ প্ৰতিবাদত মঙলবাৰে পশ্চিম নামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে চৰকাৰৰ সুমতি বিচাৰি নাম প্ৰসংগৰ আয়োজন কৰে৷

নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ

ইফালে প্ৰতিবাদ স্থলীতে আছুৱে গড়কাপ্তানি বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত বিভাগৰ পৰা পদত্যাগৰো দাবী তোলে ৷ আনহাতে যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ৰাজপথ সমূহৰ উন্নয়নৰ শ্লোগান দি আহিছে সেই সময়তে গাঁৱৰ ৰাইজে নেদেখা জনৰ আশীষ বিচাৰি পথৰ দাঁতিত বহি এনেদৰে নাম কীৰ্ত্তন কৰিব লগা ঘটনাই কিন্তু প্ৰকৃততে প্ৰতিফলিত কৰিছে চৰকাৰৰ প্ৰকৃত উন্নয়নৰ নমুনা ৷

Intro:চৰকাৰৰ সুমতি কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা নামৰূপ আছুৰঃBody:
এইবাৰ নামঘৰত নহয় পথৰ দাঁতিত গুৱা পাণ, শৰাই নবধ্য আগবঢ়াই নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত সুমতি বিচাৰিলে এখন গাওঁৰ ৰাইজৰ লগতে নামৰূপ আছুৱে৷ নামঘৰৰ পৰিৱৰ্তে পথৰ দাঁতিত গুণানোকীৰ্তনৰ কাৰণ হৈছে এই নামৰূপ টিংখং সংযোগী মূল পথটো৷ জৰাজীৰ্ণ এই পথটোৱেদি আহ যাহ কৰোতে বতৰ্মানে দুৰ্ভোগ ভূগিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে, আনকি গাওঁৰ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ বাবে কাকুতি মিনতি কৰি আহিছিল যদিও আজি কুপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কপ্তানী বিভাগে যাৰ প্ৰতিবাদতত মংগলবাৰে পশ্চিম নামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে এনেদৰেই গড়কপ্তানী বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰাৰ লগতে চৰকাৰৰ শুমতি বিচাৰি আয়োজন কৰে নাম প্ৰসঙ্গ কায্যসূচী।
ইফালে প্ৰতিবাদ স্হলিতে আছুৱে গড়কপ্তানী বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ ও দাবী তুলে আছুৱে ।আনহাতে যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ৰাজপথ সমূহৰ উন্নয়নৰ শ্লোগান দি আহিছে সেই সময়তে গাওঁৰ ৰাইজে নেদেখা জনৰ আশীষ বিচাৰি পথৰ দাঁতিত বহি এনেদৰে নাম কীৰ্ত্তন কৰিব লগা ঘটনাই কিন্তু বৰ্তমান সময়ত চৰকাৰ খনৰ বাবে যে এক লজ্জাজনক বিষয় হৈ পৰিছে সেয়া কিন্তু নিশ্চিত। Conclusion:Byte. গাওঁবাসী ৷
Byte. গাওঁবাসী ৷
Byte. আছু কৰ্মী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.